Daily Time Axom

মা কামাখ্যাত আঁচনি উন্মোচন মুখ্যমন্ত্ৰীৰ

0 10

আদিগুৰু শঙ্কৰাচাৰ্যৰ প্ৰতিমূৰ্তি আৰু সমাধি ক্ষেত্ৰ প্ৰধানমন্ত্ৰী মোডীয়ে উন্মোচন কৰাৰ লগতে ভ্ৰমণ কৰা দেশৰ বিভিন্ন ধাৰ্মিক স্থানত পোনপটীয়া সম্প্ৰচাৰ প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় শুকুৰবাৰে ৷

আদি গুৰু শংকাৰাচাৰ্যই কামাখ্যা মন্দিৰো ভ্ৰমণ কৰিছিল ৷ ধৰ্মগুৰুজনে ভ্ৰমণ কৰা কামাখ্যা মন্দিৰতো এক আধ্যাত্মিক অনুষ্ঠান আয়োজন কৰা হয় ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কার্যসূচীত উপস্থিত থাকি মা কামাখ্যা মিছন আঁচনিৰ অধীনত আৱৰ্জনা নিষ্কাশন প্ৰকল্পৰ শুভ উদ্বোধন কৰে। মুখ্যমন্ত্ৰীগৰাকীৰ লগতে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকতথা সাংসদ দিলীপ শইকীয়া , গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা , মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব মাননীয় জয়ন্ত মল্ল বৰুৱা আদি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.