গুৱাহাটী মহানগৰীত আকৌ হত্যাকাণ্ড ৷ কাঠৰ বাটামেৰে কোবাই নৈশ চকীদাৰক হত্যা৷
অপৰাধীৰ মহানগৰীলৈ যেন পৰিনত হৈছে গুৱাহাটী ৷ শুকুৰবাৰৰ নিশা মহাগনগৰবাসী তেতিয়া ব্যশ্ত দেৱালীৰ আনন্দৰ মাজত ৷ দেৱালীৰ আনন্দৰ মাজতেই পুনৰ মহানগৰখনৰ মালিগাঁৱত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । জালুকবাৰী থানাৰ তেনেই সমীপতে শুকুৰবাৰৰ নিশা সংঘটিত হ’ল এই হত্যাকাণ্ড ৷ তৰুণ ডেকা নামৰ এজন লোকক কাঠৰ বাটামেৰে মৰিয়াই নৃশংসভাৱে হত্যা কৰালে দুৰ্বিত্তই ৷ মৃত লোকজন মালিগাঁৱৰ বিপুল কমপ্লেক্স নামৰ আবাসনৰ চকীদাৰ আছিল ৷ চিচি কেমেৰাত বন্দী হৈছে হাতত বাটাম লৈ কমপ্লেক্সত প্ৰৱেশ কৰি হত্যা এজন লোকজন আৰু সমগ্ৰ ঘটনাৰ দৃশ্য ৷ ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷ আশা কৰা হৈছে চি চি কেমেৰাৰ দৃশ্যৰ সহায়ত শীঘ্ৰেই ধৰা পৰিব হত্যকাৰীজন ৷