লণ্ডনলৈ যাবগৈ আম্বানী! লণ্ডনত ৫৯২ কোটিত বিশাল প্ৰসাদ ক্ৰয় আম্বানীৰ ৷ আছে ৪৯টা শোৱনী কোঠা, এখন হাস্পতাল, বিশাল গ’ল্ফ কোৰ্চ, ১৩ খন টেনিছ ক’ৰ্ট, পঞ্চতাৰকা হোটেল…

বিশ্বৰ অন্যতম ধনী লোকৰ তালিকাত প্ৰথমৰ ফালেই আছে ভাৰতৰ মুকেশ আম্বানী ৷ মায়ানগৰী মুম্বাইৰ আল্টামাউন্ট ৰোডত থকা আম্বানীৰ বাসগৃহ গগনচুম্বী এন্টেলিয়াৰ কথা জগত প্ৰসিদ্ধ ৷ পিছে কালিৰপৰা চৰ্চাৰ শীৰ্ষত আছে যে এতিয়া আম্বানীয়ে এই এন্টিলিয়াক দ্বিতীয় ঘৰৰ স্থান দি প্ৰথম ঘৰ হিচাপে স্বীকৃতি দিবলৈ ওলাইছে ব্ৰিটেইনৰ লণ্ডনৰ বহুমূলীয়া এক ঐতিহাসিক বিশাল প্ৰাসাদক ৷ ব্ৰিটেইনৰ লণ্ডনৰ সমীপৰ বাকিংহামশ্বায়াৰৰ স্তোক পাৰ্কৰ এক বিশাল ৩০০ একৰ জোৰা সম্পত্তি ৷ এই বিশাল ভূ-সম্পত্তি ক্ৰয় কৰিছে আম্বানী পৰিয়ালে ৷ আৰু, কমদিনৰ ভিতৰত এই প্ৰাসাদলৈ স্থানান্তৰিত হ’ব আম্বানী পৰিয়াল ৷

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, যোৱা লকডাউনৰ সময়চোৱাত মুম্বাইৰ বাসগৃহ এন্টিলিয়াতে কটাব লগা হয় আম্বানী পৰিয়াল । এই এন্টিলিয়াত আছে পৃথিৱীৰ সকলো ভোগ আৰু ঐশ্বৰ্যৰ সুবিধা ৷ কিন্তু লকডাউনৰ মাজতে আম্বানী পৰিয়ালে অনুভৱ কৰে যে আকাশ চুব খোজা এই অট্টালিকাৰ মাজতো আছে সীমাবদ্ধতা ৷ সেয়ে আম্বানীয়ে প্ৰয়োজন অনুভৱ কৰিছিল আন এখন ঘৰৰ ৷ য’ত আকাশলৈ বুলি থিয়কৈ নহয়, পথালিকৈ এন্টালিয়াতকৈয়ো উন্নত এখন ’ঘৰ’ৰ ৷ অৱশেষত আম্বানীৰ বাচনিত উঠিল লণ্ডনৰ বাকিংহামশ্বেয়াৰৰ এই প্ৰাসাদটি ৷
এই বাতৰি ওলোৱাৰ পিছতে ৰাষ্ট্ৰীয় বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত হৈছে এই প্ৰসাদ তথা সম্পদৰাজীৰ মনোৰম ফটো আৰু বৰ্ণনা ৷ সেই অনুসৰি ২০২২ৰ এপ্ৰিলত লণ্ডনৰ এই নতুন ঘৰত প্ৰৱেশ ঘটিব আম্বানী পৰিয়ালৰ ৷ তথ্যমতে যোৱা আগষ্ট মাহত ৫৯২ কোটি টকাত কিনিছে মুকেশ আম্বানীয়ে ৷ ব্যাপক চৰ্চা হৈছে যে পৰৱৰ্তী সময়ত আম্বানী পৰিয়ালৰ প্ৰথম ঠিকনা হ’ব এই বাকিংহামশ্বায়াৰৰ প্ৰাসাদটি ৷ মুম্বাইৰ প্ৰসিদ্ধ এন্টিলিয়া তেতিয়া হৈ পৰিব আম্বানী পৰিয়ালৰ দ্বিতীয় ঠিকনা ৷ এই নতুন প্ৰাসাদত কেৱল শোৱনীকোঠাই আছে ৪৯টা ৷ তাৰ উপৰিও চৌহদতে আছে এখন হাস্পতাল ৷ এখন পঞ্চতাৰকা মানৰ হোটেল, তিনিখন বিলাসী ৰেস্তোঁৰা আছে এই বিশাল চৌহদত ৷ আনকি মুম্বাইৰ ঘৰ এন্টিলিয়াৰ আৰ্হিত এটি মন্দিৰো সাজি লৈছে ৷ তাৰ উপৰিও চৌহদৰ ভিতৰত ১৩ খন টেনিছ কোৰ্ট আৰু ২৭ টা হোল থকা (গাঁত থকা) এখন গ’ল্ফ কৰ্চো আছে ৷
লণ্ডন মহানগৰীৰ মাজমজিয়াৰ পৰা ৩০ কিঃমিঃ দূৰত অৱস্থিত এই ৯০০ বছৰৰ প্ৰাচীন এই প্ৰসাদটি ৷ কেইবা শতিকা ধৰি এই প্ৰাসাদটি বসবাসৰ বাবে ব্যৱহৃত হৈ আহিছিল যদিও ১৯০৮ চনৰ পৰা ’কানট্ৰি ক্লাৱ’ হিচাবে ব্যৱহাৰ হৈ আহিছে ৷ এই বাকিংহামশ্বেয়াৰ স্তোক পাৰ্কৰ এই চৌহদত জেমচ বণ্ডৰ ’গোল্ড ফিংগাৰ’(১৯৬৪) আৰু “টুম’ৰো নেভাৰ ডাইজ“ (১৯৯৭) এই দুখন চলচ্ছিত্ৰৰ শ্বটিঙো হৈছিল ৷

Comments (0)
Add Comment