আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত শৌচালয় ক্ষতিগ্ৰস্ত ; ডায়েপাৰ পিন্ধিব লগা হৈছে মহাকাশচাৰীয়ে ৷

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত শৌচালয়টো ক্ষতিগ্ৰস্ত হৈছে। ইয়াকে লৈ মহাকাশ কেন্দ্ৰটোত থকা মহাকাশচাৰীসকল এতিয়া সমস্যাত পৰিছে। মহাকাশচাৰীসকলে একেৰাহে ২০ ঘণ্টাৰ বাবে ডায়েপাৰ পিন্ধিব লাগিব।
তেওঁলোকৰ ভিতৰত নাছাৰ মহাকাশচাৰী মেগান মেকআৰ্থাৰো আছে। ভাৰতীয় সময় অনুসৰি শনিবাৰে পুৱতি নিশা নাছাই এই খবৰটো দিছিল।

নাছাই কৈছে যে শৌচাগাৰৰ ক্ষতিৰ বাবে পৃথিৱীৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ ওপৰৰ মহাকাশ কেন্দ্ৰত চাৰিজন মহাকাশচাৰীয়ে একেৰাহে ২০ ঘণ্টা ডায়েপাৰ পিন্ধি আছে। তেওঁলোক হ’ল জাপান এৰোস্পেচ এক্সপ্লোৰেচন এজেন্সিৰ আকিহিকো হোছিডে, নাছাৰ শ্বেন কিমব্ৰো আৰু মেগান মেকআৰ্থাৰ আৰু ইউৰোপীয় মহাকাশ সংস্থাৰ থমাছ পেচকাট।
চাৰিওজন মহাকাশচাৰী ছয় মাহৰ পৰা মহাকাশতে আছে। ভৰৰ অৱস্থাৰ বিষয়ে বিভিন্ন অধ্যয়ন কৰি আছে । তেওঁলোকে এইবাৰ পৃথিৱীলৈ উভতি অহাৰ কথা। এলন মাস্কৰ কোম্পানী স্পেচ এক্সে ক্ৰু-২ অভিযানটো এটা ৰকেটত ৰাখি চাৰিজন মহাকাশচাৰীক পৃথিৱীলৈ ঘূৰাই অনাৰ কথা আছে। কিন্তু বেয়া বতৰৰ বাবে, ফ্লৰিডাৰ কেপ কেনাভেৰালৰ পৰা স্পেচ এক্স ৰকেট উৎক্ষেপণ কৰা সম্ভৱ হোৱা নাই ।

Comments (0)
Add Comment