ক’ত হেৰাই থাকিল আফগান শিশু চোহেল

বিশ্বত চৰ্চিত এখন ফটো ৷
ছবিখন এতিয়াও বহুতৰ মনত স্পষ্ট হৈ আছে। শেহতীয়াকৈ তালিবানৰ দ্বাৰা দখল কৰা আফগানিস্তানৰ ৰাজধানী কাবুলৰ বিমানবন্দৰৰ বাহিৰত উদ্ধাস্তু মানুহৰ ভিৰ হৈছিল। সকলোৱে দেশ এৰি পলাই যাব বিচাৰি ঢপলিয়াইছিল। তেতিয়াই এজন মানুহে বিমানবন্দৰৰ দেৱালৰ বাহিৰত ভিৰৰ মাজত দুখন হাত দাঙি ধৰিছিল। সকলোৱে দেখিছিল তেওঁ এটা শিশুক হাতত ধৰি আছিল।তেতিয়াই দেৱালত থিয় হৈ এজন আমেৰিকান সৈন্যই তেওঁৰ ফালে হাত আগবঢ়াইছিল । তাৰপাছতে তেওঁ সতৰ্কতাৰে আফগান শিশুটোক আলফুলে বাহুত থৈ লৈ গৈছিল । ভিডিঅ’টো সোনকালে ভাইৰেল হৈ পৰিছিল। আনকি সেইসময়ত আমেৰিকান সেনাৰ এনে মানৱীয় কাৰ্যকলাপকো প্ৰশংসা কৰা হৈছিল। প্ৰায় আঢ়ৈ মাহ আগতে কাবুল বিমানবন্দৰৰ পৰা কেইবাটাও শিশুক ‘উদ্ধাৰ’ কৰা হৈছিল।কিন্তু এই শিশুটোৰ সন্ধান এতিয়াও পোৱা নাই !

১৯ আগষ্টত কাবুল বিমানবন্দৰৰ বাহিৰত মিৰ্জা আলী আহমেদী আৰু তেওঁৰ পত্নী চুৰাইয়া ভিৰৰ মাজত আছিল। তেওঁলোকৰ সৈতে পাঁচটা সন্তান আছিল, যাৰ ভিতৰত আছিল তেওঁলোকৰ দুমহীয়া কেঁচুৱা ল’ৰা চোহেল। বিমানবন্দৰৰ প্ৰৱেশদ্বাৰ মাত্ৰ ১৬ ফুট দূৰত আছিল। হঠাতে, এটা তীব্ৰ সংকট অহাত মিৰ্জাই নিজৰ জীৱন বচাবলৈ দেৱালত থিয় হৈ থকা এজন আমেৰিকান সৈনিকক চোহেলক দাঙি দিছিল। ভাবিছিল যে তেওঁ ভিতৰলৈ সোমাই পুত্ৰক ঘূৰাই ল’ব।
কিন্তু সেইদিনা সেই ১৬ ফুটৰ ব্যৱধানটো অতিক্ৰম কৰিবলৈ ডেৰ ঘণ্টা সময় লাগিছিল! মিৰ্জাই ভিতৰত সেনাজনক দেখা নাছিল। চোহেলকো বিচাৰি উলিয়াব পৰা নাছিল। পিছত এজন আমেৰিকান সেনা বিষয়াৰ সৈতে অনুসন্ধান কৰাত, তেওঁ গম পালে যে উদ্ধাৰ কৰা কিছুমান শিশুক বিমানবন্দৰৰ পৰা অলপ দূৰত থকা ঠাইত ৰখা হৈছে। কিন্তু তাতো, চোহেলক বিচাৰি পোৱা নগ’ল।
ইংৰাজী নজনা বাবে মিৰ্জাই চোহেলক বিচাৰি পোৱাটো কঠিন হৈ পৰিছিল। তেওঁলোকে দূতাবাসত আফগান সহকৰ্মীৰ সহায়ত পৰৱৰ্তী তিনি দিনত বহুতৰ সৈতে কথা পতাৰ পিছতো কেঁচুৱাটোক পোৱা নাছিল। ইয়াৰ মাজতে, উদ্ধাৰকাৰী বিমানখনত ঠাই পোৱাত দম্পতীহাল আৰু তেওঁলোকৰ চাৰিটা সন্তান অৱশেষত কাটাৰ আৰু জাৰ্মানী হৈ আমেৰিকা যুক্তৰাষ্ট্ৰত আশ্ৰয় পাইছিল।

Comments (0)
Add Comment