কেইদিনমান আগতে এটা ডাঙৰ ৰঙালাওৰ খবৰ বিয়পিছিল। এতিয়া এটা আলু। পথাৰৰ পৰা শস্য চপোৱাৰ সময়ত কেইজনমান খেতিয়ক আচৰিত হৈছিল । তেওঁলোকে এটা ডাঙৰ আলু পাইছিল।
নিউজিলেণ্ডৰ কৃষক দম্পতী এহালে প্ৰায় ৮ কিলোগ্ৰাম ওজনৰ এই আলুটোৰ খেতি কৰি এক আলোড়ন সৃষ্টি কৰিছে। তেওঁলোকে দাবী কৰিছে যে এইটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ আলু। নিউজিলেণ্ডৰ হেমিল্টনৰ এজন খেতিয়ক দম্পতী কলিন আৰু ডোনা ক্ৰেগ ব্ৰাউনে তেওঁলোকৰ খেতিপথাৰত কাম কৰি আছিল। হঠাতে, কলিনৰ কোৰখনৰ টিপটো ডাঙৰ কিবা এটাৰ দ্বাৰা বাধাপ্ৰাপ্ত হ’ল। বস্তুটো নো কি? মাটি খান্দি বস্তুটো উলিয়াই অনাৰ পিছত, দেখিলে এইটো এটা ডাঙৰ আলু!
ডোনাই কয়, “সেইটো দেখি, আমি বিশ্বাস কৰিব পৰা নাছিলো যে এইটো আলু ! মই ইয়াক ফাৰ্মৰ গেৰেজলৈ আনি ওজন কৰাত ৭.৯ কিলোগ্ৰাম উলাইছিল।
কলিন আৰু ডোনা ক্ৰেগ ব্ৰাউন দম্পতীয়ে দাবী কৰে যে তেওঁলোকৰ পথাৰত পোৱা আলুটোক পৃথিৱীৰ সৰ্ববৃহৎ আলু হিচাপে স্বীকৃতি দিব পাৰি। কিয়নো গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ মতে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ আলুৰ ওজন এতিয়ালৈকে ৫ কিলোগ্ৰাম।
নিউজিলেণ্ডৰ দম্পতীহালে গিনিছ কৰ্তৃপক্ষক তেওঁলোকৰ পথাৰত পোৱা ডাঙৰ আলুৰ সৰ্বাধিক ওজন চিনাক্ত কৰিবলৈ আনুষ্ঠানিক আবেদন জনাইছে। গিনিছ কৰ্তৃপক্ষই এতিয়ালৈকে এই সন্দৰ্ভত তেওঁলোকৰ সিদ্ধান্ত জনোৱা নাই।