মহাৰাষ্ট্ৰত অগ্নিকাণ্ডত ১০ জন ক’ভিড ৰোগীৰ শোকাৱহ মৃত্যু

আজি শনিবাৰে দিনৰ প্ৰায় ১১ বজাত মহাৰাষ্ট্ৰৰ আহমেদ নগৰৰ অসামৰিক চিকিৎসালয়ৰ আইচিইউত অগ্নিকাণ্ড সংঘটিত হয় ৷ অগ্নিকাণ্ডৰ ফলত দহজন ৰোগীৰ মৃত্যু হৈছে। আন এজন ৰোগী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।
জুই চিকিৎসালয়ৰ ক’ভিড -19ৰ ৱাৰ্ডত লাগিছিল, য’ত ১৭ জন ৰোগীক ভৰ্তি কৰা হৈছিল।
দুৰ্ঘটনাটোৰ তদন্ত অব্যাহত আছে।

Comments (0)
Add Comment