Daily Time Axom

ৰণবীৰৰ সৈতে বিবাহৰ বাতৰিৰ মাজত আলিয়াৰ হলিউড যাত্ৰা

0 11

বলিউড অভিনেত্ৰী আলিয়া ভাট বহু দৰ্শকৰ নয়নৰমণি । তেওঁৰ অভিনয় দৰ্শকৰ পৰা সমালোচকলৈ ব্যাপকভাৱে প্ৰশংসিত । এইবাৰ আলিয়াই তাইৰ মুকুটত এটা নতুন মুকুতা যোগ দিবলৈ গৈ আছে। অভিনেত্ৰীগৰাকীয়ে বিশ্বব্যাপী স্বীকৃতি পাবলৈ সাজু হৈছে। এইবাৰ তেওঁ হলিউডলৈ যোৱাৰ পাল পৰিছে । আলিয়াই ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিভা ব্যৱস্থাপনা কোম্পানী উইলিয়াম মৰিছৰ এখন চিনেমাৰ বাবে চুক্তিবদ্ধ হৈছে। অভিনেত্ৰীগৰাকীয়ে শীঘ্ৰেই প্ৰথমখন হলিউড চলচ্চিত্ৰৰ নাম ঘোষণা কৰিব যদি সকলো ঠিকে থাকে। আলিয়াই ২০২২ চনত ছবিখনৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে। আনকি চৰ্চা হৈছে যে আলিয়াই কেইবাখনো চিত্ৰনাট্য পঢ়িছে আৰু তাৰে কিছুমান ভাল পাইছে। আৰু সেয়েহে তেওঁ বলীউডৰ পৰা হলিউডলৈ যোৱাৰ বাবে যথেষ্ট উৎসাহিত।

Leave A Reply

Your email address will not be published.