ধনশিৰিত ধনশিৰি মহকুমা কবি সন্মিলনৰ মুখপত্ৰ “শতভিষা” উন্মোচন ।
৬ নবেম্বৰ শনিবাৰে ধনশিৰি মহকুমাৰ সৰুপথাৰ মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় মহকুমাটোৰ ন-পুৰণি ভালে সংখ্যক কবিৰ লিখনিৰে সমৃদ্ধ ধনশিৰি মহকুমা কবি সন্মিলনৰ মুখপত্ৰ “শতভিষা “।ধনশিৰি মহকুমা কবি সন্মিলনৰ সম্পাদক ড৹ প্রণৱ ঢেকীয়াল ফুকনে আঁত ধৰা তথা ধনশিৰি মহকুমা কবি সন্মিলনৰ সভাপতি অৱসৰপ্ৰাপ্ত শিক্ষক দিলীপ কুমাৰ শৰ্মা ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত মহকুমাটোত কাব্য চৰ্চাৰ দিশটোৰ উত্তৰণ ঘটোৱাৰ ক্ষেত্ৰত আলোচনা কৰাৰ লগতে প্রস্তাৱ গ্রহন কৰা হয়।আনহাতে বিশ্বক ত্ৰাসিত কৰা মহামাৰীৰ বাবে স্থগিত থকা বহাগী বৰণ অনুষ্ঠানটো আজিৰ সভাতে সম্পন্ন হয়। গোলাঘাট জিলা কবি সন্মিলনৰ উদ্যোগত তথা ধনশিৰি মহকুমা কবি সন্মিলনৰ সহযোগত মহকুমাটোৰ পাঁচজন জেষ্ঠ কবি ক্রমে মাননীয় ধৰ্মেশ্বৰ দুৱৰা, দিলীপ কুমাৰ শৰ্মা, প্ৰশান্ত চাহু,ক্ষিৰেণ কাকতি আৰু সিদ্ধেশ্বৰ শইকীয়া দেৱক সন্মান আগবঢ়োৱা হয়।উক্ত সভাত মহকুমাটোৰ ভালেকেইগৰাকী কবি ক্রমে দণ্ডেশ্বৰ বৰা,নীৰু দত্ত,মহেশ্বৰ বসুমতাৰী, স্পনানী গগৈ চেতিয়া, চন্দ্ৰ প্রভা চেতিয়া,ৰঞ্জন গোস্বামী, মীনাক্ষী কোঁৱৰ, জ্যোৎস্না হিলৈদাৰী শইকীয়া, নিলোৎপল চৰেন আদিয়ে ।
ধনশিৰিৰ পৰা পংকজ পাত্ৰ