ব্ৰিটেইনৰ কোম্পানীয়ে উলিয়ালে ক’ৰোনাৰ টেবলেট ; শীঘ্ৰেই বজাৰলৈ আহিব ’মলনু-পিৰাবিৰ’
সমগ্ৰ বিশ্বকে যোৱা দুটা বছৰে কোঙা কৰি ৰখা ক’ভিড আতংকৰ মাজতে আহিছে এটা অতি ভাল খবৰ ৷ বিশ্ববাসীৰ বাবে বজাৰলৈ আহিবলৈ প্ৰস্তুত হৈছে কোভিডৰ টেবলেট ৷ হয়তো খুব কম সময়ৰ ভিতৰত ক’ভিড-১৯ৰ বাবে হাহাকাৰ কৰা পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিব ৷ ব্ৰিটেইনৰ মিৰাক নামৰ কোম্পানীটোৱে প্ৰস্তুত কৰি উলিয়াইছে ক’ভিডৰ এবিধ টেবলেট । ব্ৰিটেইন চৰকাৰেও এইবিধ ঔষধ প্ৰয়োগত অনুমোদন জনাইছে।প্ৰাৰম্ভিক পৰ্যায়ত ৭৭৫ গৰাকী ব্যক্তিৰ দেহত পৰীক্ষা সফল হৈছে ‘মলনুপিৰাভিৰ’ নামৰ এই টেবলেটৰ ৷
এতিয়া এই টেবলেটবিধে ক’ৰোনাৰ ধ্বংস যজ্ঞৰ বিৰুদ্ধে আনিছে আশাৰ বতৰা । ‘মলনু-পিৰাবিৰে’ আক্ৰান্তৰ দেহত থকা কৰ’না ভাইৰাছক প্ৰতিহত কৰিবলৈ সক্ষম হ’ব ৷ টেবলেটবিধে দেহৰ ক’ভিড সংক্ৰমণো সম্পূৰ্ণ নিৰাময় কৰি তুলিব। ভেকচিন লোৱা-নোলোৱা সকলো ক’ভিড আক্ৰান্তই এই ৰোগীয়ে এই টেবলেট গ্ৰহণ কৰিব পাৰিব।
১৮ বছৰৰ ওপৰৰ ক’ভিডৰ লক্ষণ থকা ব্যক্তিৰ দেহত এই ঔষধ প্ৰয়োগ কৰিব পৰা যাব।
ক’ভিডত আক্ৰান্ত ৰোগী সকলে আৰোগ্য লাভ কৰিবৰ বাবে দিনে দুটাকৈ ৫দিনৰ বাবে এই ঔষধ সেৱন কৰিব লাগিব ৷
নৱেম্বৰৰ শেষৰ ফালে বৃহৎ পৰিমানৰ টেবলেট বজাৰত যোগান দিয়াৰ বাবে কোম্পানীটোৱে উৎপাদন আৰম্ভ কৰিছে বুলি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ ।