ভাৰতীয় জনতা পাৰ্টীৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ কাৰ্যালয়ত দেওবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা ঘগ্ৰাপাৰ অঞ্চলৰ কেইগৰাকী জটিল ৰোগত আক্ৰান্ত ৰোগীৰ মাজত চেক বিতৰণ কৰে। বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই আঁত ধৰা অনুষ্ঠানটিত বিধায়ক গৰাকীয়ে নিজৰৰ ভাষণত কয় যে নলবাৰী বিধানসভা সমষ্টিবাসী ৰাইজৰ অভাৱ অভিযোগ, সমস্যা আদিৰ বুজলৈ সেইসমূহৰ যথাসম্ভৱ সমাধানৰ বাবে প্ৰতিটো ৰবিবাৰে সমষ্টিত উপস্থিত থাকিব বুলি সদৰী কৰে।বিধায়ক বৰুৱাই সমষ্টিৰ ৰাইজৰ অভাৱ অভিযোগ, সমস্যা আদিৰ সমাধানৰ চেষ্টা কৰিম বুলি প্ৰতিশ্ৰুতি দিয়ে।বিধায়কগৰাকীয়ে লগতে ইয়াকো কয় যে প্ৰতিটো মাহৰ প্ৰথমটো ৰবিবাৰে ঘগ্ৰাপাৰস্থিত ভাৰতীয় জনতা পাৰ্টি বড়িগোগ বনভাগ মণ্ডল সমিতিৰ কাৰ্য্যালয়ত, দ্বিতীয়তো ৰবিবাৰে পূব নলবাৰী মণ্ডল সমিতিৰ কাৰ্য্যালয়ত, তৃতীয়তো ৰবিবাৰে নলবাৰী জিলা সমিতিৰ কাৰ্য্যালয় অথবা টাউন মণ্ডল কাৰ্য্যালয়ত আৰু অন্তিমটো ৰবিবাৰে চান্দকুচিস্থিত তেওঁৰ বাসভৱনত উপস্থিত থাকি ৰাইজৰ সৈতে মত বিনিময় কৰিব বুলি মন্তব্য কৰে।