চেন্নাইত ধাৰাষাৰ বৰষুণ, বানত বাধাগ্ৰস্ত বহু অঞ্চল
তামিলনাডুৰ ৰাজধানী চহৰ চেন্নাইত ধাৰাসাৰ বৰষুণে জনজীৱন বাধাগ্ৰস্ত কৰি তুলিছে ৷
শনিবাৰে নিশাৰ পৰা দেওবাৰলৈ মহানগৰখনত নিৰন্তৰভাৱে বৰষুণ হৈ থকাৰ ফলত বহু অঞ্চল জনমগ্ন হৈ পৰিছে।
নুংগাম্বক্কামত দেওবাৰে সৰ্বাধিক ২১.৫ ছেমি আৰু চেন্নাই বিমানবন্দৰত যোৱা ২৪ ঘণ্টাত ১১.৩ ছেমি বৰষুণ হৈছে। ২০১৫ চনৰ বানপানীৰ পিছত, চহৰখনত যো ২৪ ঘণ্টাৰ ভিতৰত হোৱা বৰষুণৰ পৰিমাণ সৰ্বাধিক আছিল বুলি বিশেষজ্ঞসকলে কৈছে ।
তিৰুভাল্লুৰ কালেক্টৰেটে ঘোষণা কৰিছিল যে পুণ্ডি জলাশয়ৰ পৰা প্ৰতি ছেকেণ্ডত ৩০০০ ঘনফুট লগতে পুঝাল হ্ৰদৰ পৰা প্ৰতি ছেকেণ্ডত ১০০০ ঘনফুট পানী আৰু চেম্বাৰামবাক্কাম হ্ৰদৰ পৰা প্ৰতি ছেকেণ্ডত ক্ৰমান্বয়ে ১.৩০ বজাত ৫০০ ঘনফুট পানী এৰি দিয়া হ’ব। নিম্ন অঞ্চলত বাস কৰা লোকসকলক তেওঁলোকৰ ঘৰ খালী কৰিবলৈ সতৰ্কবাণী জাৰি কৰা হৈছে।
শনিবাৰে নিশাৰ পৰা দেওবাৰলৈ নগৰখনত নিৰন্তৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। মহানগৰখনৰ
নুংগাম্বক্কামত দেওবাৰে সৰ্বাধিক ২১.৫ ছেমি আৰু চেন্নাই বিমানবন্দৰত যোৱা ২৪ ঘণ্টাত ১১.৩ ছেমি বৰষুণ হৈছে। ২০১৫ চনৰ বানপানীৰ পিছত, চহৰখনত যোৱ ২৪ ঘণ্টাৰ ভিতৰত হোৱা বৰষুণৰ পৰিমাণ সৰ্বাধিক আছিল বুলি বিশেষজ্ঞসকলে সদৰি কৰিছে ।
তিৰুভাল্লুৰ কালেক্টৰেটে ঘোষণা কৰিছে যে পুণ্ডি জলাশয়ৰ পৰা প্ৰতি ছেকেণ্ডত ৩০০০ ঘনফুট লগতে পুঝাল হ্ৰদৰ পৰা প্ৰতি ছেকেণ্ডত ১০০০ ঘনফুট পানী আৰু চেম্বাৰামবাক্কাম হ্ৰদৰ পৰা প্ৰতি ছেকেণ্ডত ক্ৰমান্বয়ে দিনৰ ১.৩০ বজাত ৫০০ ঘনফুট পানী এৰি দিয়া হ’ব। নিম্ন অঞ্চলত বাস কৰা লোকসকলক তেওঁলোকৰ ঘৰ খালী কৰিবলৈ সতৰ্কবাণী জাৰি কৰা হৈছে।