Daily Time Axom

বৰষুণেৰে সৰ্বকালৰ অভিলেখ দক্ষিণৰ কেইবাখনো ৰাজ্যত ৷ তামিলনাডুত ৪জনৰ মৃত্যু ৷

0 5

দেওবাৰে তামিলনাড, চেন্নাই আৰু দাতিকাষৰীয়া অঞ্চলবোৰত তীব্ৰ বৰষুণ হোৱাৰ ফলত বেছিভাগ অঞ্চল প্লাৱিত হোৱাত তিনিখন চহৰৰ জলাশয়ৰ স্লুইচ গেট খুলি দিয়া হয় । অক্টোবৰত উত্তৰ-পূব মৌচুমী বতাহ আৰম্ভ হোৱাৰে পৰা তামিলনাডু আৰু পুডুচেৰী অঞ্চলত প্ৰায় ৪৩ শতাংশ অতিৰিক্ত বৰষুণ হৈছে।
বতৰ বিজ্ঞানৰ উপ-সঞ্চালক প্ৰধান এছ বালাচন্দ্ৰনে কয় যে এইবাৰ সৰ্বাধিক বৰষুণেৰে সৰ্বকালৰ অভিলেখ সৃষ্টি হৈছে।

উত্তৰ-পূব মৌচুমী বতাহৰ সময়ত আগতেও এনে ধৰণৰ বৰষুণ হৈছিল।
তামিলনাডুত কোয়েম্বাটুৰ, তিৰুনেলভেলি, তিৰুভাৰুৰ, ভিল্লুপুৰম, ইৰোড, কাৰুৰ, কুড্ডালোৰ, পুডুকোট্টাই, পেৰাম্বালুৰ আদি জিলাত স্বাভাৱিক বৰষুণৰ ৬০ শতাংশতকৈও অধিক বৰষুণ হৈছে । আইএমডিয়ে, পুনৰ তীব্ৰ বৰষুণৰ সতৰ্কতা জাৰি কৰিছে।
তামিলনাডুৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেকেএছএছআৰ ৰামচন্দ্ৰনে জনায় যে বৰষুণ সম্পৰ্কীয় ঘটনাত ইতিমধ্যে চাৰিজন লোকৰ মৃত্যু হৈছে আৰু এজন লোক আহত হৈছে।

পুডুচেৰী আৰু কাৰাইক্কাল অঞ্চলৰ বিদ্যালয়সমূহ প্ৰতিকূল বতৰ আৰু নেৰানেপেৰা বৰষুণৰ বাবে ৯ ৰ পৰা ১২ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে ৮ আৰু ৯ নৱেম্বৰত বন্ধ ঘোষণা কৰিছে পুডুচেৰী চৰকাৰে ।

Leave A Reply

Your email address will not be published.