তৃতীয়বাৰৰ বাবে চীনৰ ৰাষ্ট্ৰপতি হোৱাৰ পথত জিনপিং ৷ জিনপিঙক যুগান্তকাৰী নেতা হিচাপে ঘোষণা কৰাৰ সম্ভাৱনা৷

চীনা ৰাষ্ট্ৰপতি ছি জিনপিঙক শীঘ্ৰেই তৃতীয় কাৰ্যকালৰ বাবে মনোনীত কৰা হ’ব। কমিউনিষ্ট পাৰ্টিয়ে এক গুৰুত্বপূৰ্ণ সন্মিলন অনুষ্ঠিত কৰি এই ঘোষণা কৰিবলৈ গৈ আছে । বেইজিঙত এখন উচ্চ পৰ্যায়ৰ বৈঠকত দলটোৰ ১০০ বছৰৰ ইতিহাস পুনৰ মূল্যাঙ্কন কৰাৰ বাবে এক প্ৰস্তাৱ জাৰী কৰা হ’ব। তাৰ পিছত মাও জেদং চে-তুং (মাও জেদং) আৰু ডেং জিয়াওপিংঙৰ পিছত ছি জিনপিংক এক যুগান্তকাৰী চীনা নেতা হিচাপে ঘোষণা কৰা হ’ব । বৈঠকখন ১১ নৱেম্বৰলৈকে চলিব।

এজন চীনা ইতিহাসবিদৰ মতে, জিনপিঙৰ দৰে শেহতীয়া কোনো নেতাই চীনৰ ইতিহাসত বিশেষ স্থান লাভ কৰা নাই। ৬৮ বছৰীয়া জিনপিঙে এই দশকত চীনৰ আটাইতকৈ ডাঙ্ৰভাৱশালী নেতা হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ দেশত দুৰ্নীতি আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে কিছু কঠোৰ পদক্ষেপো লৈছে। জিনপিং বিশ্বৰ ওচৰত চীনৰ শক্তি প্ৰদৰ্শন কৰিবলৈ দেশৰ জনসাধাৰণৰ নায়ক হৈ পৰিছে।

যদি জিনপিঙক যুগান্তকাৰী নেতা হিচাপে ঘোষণা কৰা হয়, তেন্তে তেতিয়াৰ পৰা তেওঁৰ বিৰুদ্ধে শব্দ কৰাটো দেশৰ আটাইতকৈ ডাঙৰ অপৰাধ হিচাপে গণ্য কৰা হ’ব বুলি জানিব পৰা গৈছে।

Comments (0)
Add Comment