শ্ৰী নগৰত কাশ্মীৰী পণ্ডিতৰ দোকানত সন্ত্ৰাসবাদীৰ আক্ৰমণ৷ এজনৰ মৃত্যু

শ্ৰীনগৰৰ ডাউনটাউনৰ এজন কাশ্মীৰী পণ্ডিতৰ দোকানত উগ্ৰপন্থীয়ে এজন বিক্ৰেতাক গুলীয়াই হত্যা কৰিছে। এই ঘটনাৰ পিছত, সমগ্ৰ অঞ্চলটোত এক চাঞ্চল্যকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে । সেনা জোৱানসকল ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি অনুসন্ধান অভিযান অব্যাহত ৰাখিছে ।

এজন আৰক্ষী বিষয়াই কয় যে উগ্ৰপন্থীসকলে সোমবাৰে শ্ৰীনগৰৰ বোৰিকাদল অঞ্চলৰ বান্দিপোৰাৰ বাসিন্দা ইব্ৰাহিম খানক গুলীয়াই হত্যা কৰে। তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে। উগ্ৰপন্থীসকলক বিচাৰিবলৈ ঠাইবোৰত অনুসন্ধান চলি আছে।

Comments (0)
Add Comment