জীৱনজয়ী মোহময়ী মণীষা কৈৰালাৰ হাস্পতালৰ দুঃসময়ৰ ফটো ভাইৰেল

বলীউড সুন্দৰী মণীষা কৈৰালা আজিও বহুতৰে হাৰ্ট থ্ৰৱ ৷ জীৱন অতিশয় জটিল ক্ষণ জয়ৰে বহুতৰে আদৰ্শ হৈ পৰিছে এই গৰাকী মোহময়ী অভিনেত্ৰী ৷
অভিনেত্ৰীগৰাকীয়ে এতিয়াও চিকিৎসালয়ৰ বিচনাত থকা কষ্টৰ দিনবোৰৰ স্মৃতি পাহৰিব পৰা নাই। মনীষা কৈৰালাই অদম্য জেদ আৰু সাহসেৰে মৃত্যুৰূপী কৰ্কট ৰোগক হাঁহিৰে যুঁজি জয়ী হৈছিল । অলপতে তেওঁ পোষ্ট কৰা এখন ছবিয়ে সকলোকে পুৰণি দিনবোৰৰ কথা মনত পেলাই দিছিল। যন্ত্ৰণাকাতৰ নাক- মুখত নলী ভৰোৱা অৱস্থা আৰু মূৰত চুলি নাই, কিন্তু মুখত হাঁহি। তেওঁ মৃত্যুক জয় কৰিছিল ৷ জটিল ৰোগক জয় কৰিছিল।
অভিনেত্ৰীগৰাকীয়ে কৰ্কট ৰোগীসকলক সাহস দিবলৈ চিকিৎসালয়ত থকা অৱস্থাৰ এখন ছবি পোষ্ট কৰিছে সামাজিক মাধ্যমত । 

অভিনেত্ৰীগৰাকীয়ে ২০১২ চনত হোৱা জটিল ৰোগটোৰ লগত দীঘলীয়া যুদ্ধ কৰিছিল। একেৰাহে তিনি বছৰ যুঁজিছিল। অৱশেষত যুদ্ধত তেওঁ জয়লাভ কৰিছিল।

Comments (0)
Add Comment