প্ৰধান মন্ত্ৰী মোডীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাজধানী নতুন দিল্লীত তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰে। ২০২১ চনৰ মে’ মাহত ড০ শৰ্মাই মুখ্যমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা এই বৈঠকখন হ’ল তৃতীয়খন বৈঠক।
সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে তেওঁ অহা বছৰৰ ভিতৰত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এইমছ)ৰ উদ্বোধনৰ বাবে প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ জনাইছে।

Comments (0)
Add Comment