মালালাক মনত আছেনে আপোনাৰ ? শান্তিৰ নবেল বঁটা বিজয়ী মালালা ইউসুফজা বিবাহপাশত আৱদ্ধ হ’ল । বাৰ্মিংহামত এটা সৰু ঘৰুৱা পৰিবেশত অনুষ্ঠিত হ’ল পাকিস্তানী জীয়ৰীগৰাকীৰ বিবাহ অনুষ্ঠান। দৰাক নাম আছাৰ মালিক। আছাৰ পাক ক্ৰিকেট ব’ৰ্ডত কৰ্মৰত।
নবেল বঁটা বিজয়ী মালালাৰ মঙলবাৰে আছাৰৰ সৈতে হোৱা বিয়াৰ খবৰ টুইটাৰযোগে শ্বেয়াৰ কৰিছিল তেওঁ । বিয়াৰ এখন ফটো পোষ্ট কৰি মালালাই লিখিছিল, ‘মোৰ জীৱনৰ এক মূল্যৱান মুহূৰ্ত। আছাৰ আৰু মই আজীৱন একেলগে থাকিবলৈ বিবাহপাশত আৱদ্ধ হলো। ‘
এয়া নবেল বঁটা বিজয়ীৰ বিবাহৰ সময়, যি তেওঁৰ জীৱন যুদ্ধৰ বাবে আন্তৰ্জাতিক ভাৱে পৰিচিত। সঁচা অৰ্থত বিয়াখনত কোনো জাকজমকতা নাছিল। মালালাই লিখিছে, “আমি বাৰ্মিংহামৰ ঘৰত পৰিয়ালৰ সন্মুখত এটা সৰু ঘৰুৱা নিকাহ অনুষ্ঠানত বিশেষ মুহূৰ্তটো উদযাপন কৰিছিলো। ‘
ফটোত মালালাই বিয়াৰ পোছাকৰ পৰিবৰ্তে পিটচ ৰঙৰ চেলৱাৰ কামিজ পিন্ধি আছিল। স্বামী আৰু পিতৃ-মাতৃৰ সৈতে ফটো লৈ টুইটাৰত মালালাই লিখিছিল, ‘আপোনালোকে আশীৰ্বাদ কৰক। আমি পৰৱৰ্তী সময়খিনি একেলগে আৰম্ভ কৰিবলৈ উৎসাহিত। ‘
মালালাৰ বয়স এতিয়া ২৪ বছৰ। পাকিস্তানৰ এই কন্যাগৰাকীয়ে ছোৱালীৰ শিক্ষাৰ বাবে আন্দোলন কৰি আহিছে। কিন্তু নাৰী শিক্ষাৰ বিষয়ে কথা ক’বলৈ গৈয়ে তেওঁ তালিবানৰ গুলীও খাব লগা হৈছিল ২০১২ চনত। পাছত, মালালাই ১৬ বছৰ বয়সত ৰাষ্ট্ৰসংঘত ভাষণ দিয়াৰ সুবিধা লাভ কৰিছিল । তেওঁ সদায় শিক্ষাৰ অধিকাৰৰ ক্ষেত্ৰত লিংগ বৈষম্যৰ বিৰুদ্ধে মাত মাতি আহিছে। মালালাক ২০১৪ চনৰ ১০ অক্টোবৰত শান্তিৰ নবেল বঁটা প্ৰদান কৰা হৈছিল। উল্লেখ্য যে, ২০২০ চনত টেক্সাছত মালালা নামৰ এখন বিদ্যালয়ো খোলা হৈছে ।