সুৰামত্ত ৰাজকন্যাৰ গাড়ীৰ খুন্দাত দুয়োটা ভৰি হেৰুওৱা যোছেফ মাৰাকে মৃত্যুক সাৱটি ল’লে অৱশেষত।
জি এম চি এইছত ১ অক্টোবৰৰ পৰা চিকিৎসাধীন হৈ জীৱন-মৃত্যুৰ স’তে যুঁজি আছিল তেওঁ ৷ সুৰামত্ত ৰাজকন্যা বৰুৱাৰ গাড়ীৰ খুন্দাত দুয়োখন ভৰি হেৰুৱাব লগা হৈছিল জোছেফ মাৰাকে ৷ তেঁওক কৃত্ৰিম ভৰি সংৰোপণৰো দায়িত্ব চৰকাৰে লৈছিল।
তেওঁক সহায়ৰ বাবে বিভিন্ন স্বেচ্ছাসেৱী সংস্থা আৰু শুভাকাংখীয়ে আগবাঢ়ি আহিছিল।
অৱশেষত অসম-মেঘালয়ৰ সীমান্তৱৰ্তী গোৱালপাৰাৰ নাঙাল এলেকাৰ এই লোকজনে চিৰবিদায় ল’লে সকলোকে বিমুখ কৰি।