Daily Time Axom

‘অবৈধ সম্পৰ্ক’! মহিলাক ১২ বছৰৰ বাবে গাঁৱৰ পৰা নিৰ্বাসন দিলে এইখন অসমতে…

0 5

লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ দীঘলা চাপৰি অঞ্চলৰ এগৰাকী মহিলাক একাধিক অবৈধ সম্পৰ্কত জড়িত থকাৰ অভিযোগত গাঁৱৰ পৰা ১২ বছৰৰ বাবে নিৰ্বাসিত কৰা হৈছে ।
গাৱঁৰ ৰাইজৰ এখন আলোচনা সভাৰ সিদ্ধান্ত মতে মহিলাগৰাকীক স’তে পৰিয়ালৰ সদস্যসকলক মঙলবাৰে নিৰ্বাসনৰ বাবে পঠোৱাৰ সিদ্ধান্ত লোৱা হয়। বিবাহৰ পিছতো মহিলাগৰাকীক কেইবাটাও অবৈধ সম্পৰ্ক থকা বুলি ৰইজৰ অভিযোগ ।
স্থানীয় লোকে কয় যে মহিলাগৰাকীৰ স্বামী কেৰালাত কৰ্মসূত্ৰে থাকে ৷ তাৰে সুবিধা বুজি মহিলাগৰাকী অবৈধ সম্পৰ্কৰ সৈতে জড়িত হৈ আছে । পূৰ্বতেও মহিলাগৰাকীক গাওঁবাসীয়ে কেইবাবাৰো হাতে-লোতে ধৰা পেলাইছিল আৰু সেই কামৰ বাবে সতৰ্কও কৰি দিছিল বুলি কয় ৷ ৰাইজৰ এই আচৰিত সিধান্তৰ পিছত মহিলা গৰকীয়ে কণমানি সন্তানক লৈ গাঁৱৰ পৰা ওলাই যায় ৷ কণমানি শিশুটিৰ কথা এবাৰো নাভাবিলে গাঁওখনৰ ৰাইজে ৷ এই লৈ এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া ।

Leave A Reply

Your email address will not be published.