২০২১ বৰ্ষৰ সাংবাদিকতা বঁটা সহ অনান্য শিতানৰ বঁটা প্ৰাপকৰ নাম ঘোষণা জাফা’ৰ
ৰাজ্যৰ সাংবাদিক – সংবাদকৰ্মী সকলোৰ অগ্ৰণী সংগঠন জাৰ্ণেলিষ্ট এচোচিয়েছন ফৰ আসাম চমুকৈ জাফাই সংগঠনটোৰ Jafa Achievers Award 2021ৰ বিভিন্ন শিতানৰ বঁটা প্ৰাপকৰ নাম সমুহ আজি ঘোষণা কৰে । জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী , কাৰ্যকৰী সভাপতি পংকজ ডেকা আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে এক বিবৃতি যোগে বঁটা প্ৰাপকৰ নাম সমুহ ঘোষণা কৰে । জাফাই এইবাৰ নিৰ্বাচিত কৰা বিভিন্ন শিতানৰ বঁটা প্ৰাপক সকল হ’ল ক্ৰমে
Jafa Achievers Award 2021 ( For journalism )শিতানত
জিতেন্দ্ৰ কুমাৰ চৌধুৰী (দৈনিক অসম )
মৌচম জ্যোতি বৈশ্য ( দ্য ছেণ্টিনেল)
ছায়ামনি ভূঞা ( নিউজ লাইভ )
ধ্ৰুৱজ্যোতি পাঠক (অসমীয়া প্ৰতিদিন )
নয়ণ প্ৰতীম কুমাৰ (প্ৰতিদিন টাইম )
Jafa Achievers Award 2021 (For video Journalism) শিতানত
প্ৰদীপ বৰ্মন ( ডি- ৱাই ৩৬৫)
Jafa Achievers Award 2021 ( For Photo Journalism ) শিতানত
আফতাব আলী( ইউ বি ফটোজ )
Jafa Achievers Award 2021 (For News Anchor )
শিতানত- গীতাশ্ৰী তালুকদাৰ , নিউজ ১৮ আসাম নৰ্থ ইষ্ট
Jafa Achievers Award 2021 ( Young Editor Award For Print Media )
নিলয় পাল ( প্ৰান্তজ্যোতি দৈনিক )
Jafa Achievers Award 2021 ( For Peace and Prosperity ) শিতানত
লং সিং টেৰণ (Thekar, Karbi daily )
Jafa Achievers Award 2021( For Human Rights )
শিতানত ড° দিব্যজ্যোতি শইকীয়া ( মানবতাবাদী কৰ্মী )
Jafa Achievers Award 2021(For Enterpreneurship ) শিতানত
আৰ্জেদ চহৰীয়া(উদ্যোগী )
Jafa Achievers Award 2021 ( For Social Servive)শিতানত
তূষাৰ পাল ( বিশিষ্ট সমাজকৰ্মী )
JafaAchievers Award 2021(for Excellence Medical service ) শিতানত
ডা: অভিজিৎ শৰ্মা ( অধীক্ষক , জি এম চি এইচ )
Jafa Achievers Award 2021 (For Excellence in police Service ) শিতানত
ৰজী কলিতা (এচ পি , চিএম ভিজিলেঞ্চ )
Jafa Achievers Award 2021 ( For excellence service in public Administration ) শিতানত
আদিল খান ( পৰিবহণ আযুক্ত )
Jafa Achievers Award 2021 ( for youth politician ) শিতানত
জীৱেশ ৰায় ( যুৱ নেতা , বিজেপি )
উল্লেখ্য যে জাফাই এইবাৰ বিভিন্ন শিতানত ২৭ গৰাকী বিশিষ্ট ব্যক্তিক বিভিন্ন শিতানৰ বঁটা প্ৰদানৰে সন্মানিত কৰিব । এই ২৭ গৰাকী বঁটা প্ৰাপকৰ ২১ জনেই হল সাংবাদিক । গ্ৰাম্য সাংবাদিকতা বঁটাৰ বাবে নিৰ্বাচিত ১০ গৰাকী বঁটা প্ৰাপকৰ নাম ইতিপূৰ্বে ঘোষণা কৰা হৈছে ।
অহা ২৮ নবেম্বৰত গুৱাহাটীৰ লাষ্টগেটত থকা লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত এই বঁটা সমুহ প্ৰদান কৰা হ’ব ।