Daily Time Axom

চীনত লকডাউন আৰু জাৰ্মানীত দ্ৰুত গতিত সংক্ৰমণ ৷ দুই দেশত বাঢ়িছে ক’ভিডৰ বিপদ ঘণ্টা ৷

0 11

পৃথিৱীৰ বহু ঠাইত ক’ভিডৰ আতংক কমিছে যদিও ক’ভিডৰ উৎপত্তিস্থল চীনৰ লগতে জাৰ্মানীত হঠাৎ বৃদ্ধি হৈছে ঘাতক ভাইৰাছৰ সংক্ৰমণ ৷ চীনৰ কেইবাখনো ঠাইৰ লগতে ৰাজধানী চহৰ বেইজিঙতো ক’ভিড সংক্ৰমণৰ বাবে বিশেষ সতৰ্কতা ল’ব লগা হৈছে চীনা প্ৰশাসনে ৷ বেইজিঙত শ্বপিং মল, স্কুল, আবাসিক এলেকা, কাৰ্যালয় আদিত ক’ভিড -১৯ সংক্ৰমণ ঘটিছে ৷ প্ৰায় ১০ টা অঞ্চল বেইজিঙ চহৰত লকডাউন কৰা হৈছে ৷ বেইজিঙৰ উপৰিও চীনৰ আন কেইবাখনো প্ৰদেশত কৰ’নাই পুনৰ দ্ৰুত সংক্ৰমণ ঘটাইছে যদিও চীনৰ চৰকাৰী সূত্ৰই এই কথা অস্বীকাৰ কৰিছে।
আনহাতে জাৰ্মানীত বৃহস্পতিবাৰে ২৪ ঘণ্টাত ৫০,৫১৮ জনৰ ক’ভিড সংক্ৰমণ ধৰা পৰিছে ৷ সমান্তৰালভাৱে জাৰ্মানীত বাঢ়িছে ক’ভিডত মৃত্যুৰ সংখ্যাও ৷ জাৰ্মানীৰ চিকিৎসালয় সমূহতো এতিয়া ক’ভিড আক্ৰান্তৰ ভৰ্তিৰ সংখ্যা বৃদ্ধি পাইছে ৷ ইতিমধ্য বাৰ্লিন চহৰত ভেকচিন নোলোৱা লোকসকলৰ ৰাজহুৱা কৰ্মত অংশগ্ৰহণত বাধাহআকোপ পৰা হৈছে ।

Leave A Reply

Your email address will not be published.