Daily Time Axom

দিচপুৰ ফ্লাইঅভাৰত অবৈধ বেনাৰ উচ্ছেদ ৷ অনুষ্ঠানৰ আয়োজকলৈ পৌৰ নিগমৰ জাননী ৷

0 5

শেহতীয়াকৈ ৰাজহুৱা সম্পত্তি বিকৃতকৰণৰ জাননী উলংঘা কৰাৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ এনফৰ্চমেণ্ট শাখাৰ দ্বাৰা নতুনকৈ উদ্বোধন কৰা দিচপুৰ ফ্লাইঅভাৰত অবৈধ বেনাৰ উচ্ছেদ কৰা হৈছিল।
বেনাৰখন ডিমা হাচাওৰ উমৰাংচোত অনুষ্ঠিত হ’বলগীয়া ফালকন ফেষ্টিভেল 2021 ৰ সৈতে সম্পৰ্কিত যিটো ফালকন ফেষ্টিভেল চেলিব্ৰেচন কমিটি, হাফলং, ডিমা হাচাওৰ দ্বাৰা আয়োজিত হ’ব। লগতে, এনে বিকৃতি ওপৰোক্ত অধিসূচনাৰ বিপৰীত আৰু সংশ্লিষ্ট সমিতিয়ে 3(তিনি) দিনৰ ভিতৰত গুৱাহাটী পৌৰ নিগমৰ আই/চি সংগ্ৰাহকক প্ৰতিবেদন দিব যে বাৰে বাৰে অৱগত কৰা আৰু জাননী দিয়া স্বত্বেও ৰাজহুৱা সম্পত্তি বিকৃতি কৰিলে আইন অনুসৰি ব্যৱস্থা লোৱা হ’ব।

Leave A Reply

Your email address will not be published.