Daily Time Axom

দিশপুৰত নহয় ৷ মুম্বাইত সতীৰ্থ বিধায়কসহ মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰাতঃ ভ্ৰমণ ৷

0 10

ভাৰতীয় জনতা পাৰ্টিৰ অসমৰ বিধায়কসকলে মুম্বাইত আজি ১২ নৱেম্বৰৰ পৰা তিনিদিনীয়া দীঘলীয়া প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ মুম্বাইত উপস্থিত হৈছেগৈ ।
বিধায়কসকলে মুম্বাইৰ ৰামভাউ মাল্লগী প্ৰবোধিনী (আৰএমপি)ত প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে কালি উপস্থিত হয় মুম্বাইত । পুৱাই দেখা গ’ল মন্ত্ৰী ৰঞ্জিত দাসসহ একাংশ বিধায়কক মুম্বাইত প্ৰাতঃ ভ্ৰমণ কৰি থকা ৷ মন্ত্ৰী ৰঞ্জিত দাসে প্ৰায়ে দিশপুৰ বা আন ঠাইৰ প্ৰাতঃভ্ৰমণৰ ফটো সামাজিক মাধ্যমত ৰাজহুৱা কৰা দেখা যায় ৷ দিশপুৰত প্ৰায় এজনো নাই শাসকীয় দলৰ মন্ত্ৰী-বিধায়ক ৷ সকনো মুম্বাইত প্ৰশিক্ষণ ল’বলৈ বুলি উপস্থিত হৈছেগৈ ৷ পুৱা একাংশ বিধায়কৰ সৈতে এইদৰে দেখা গ’ল মন্ত্ৰী ৰঞ্জিত দাসক ।

অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি কয়, “মুখ্য মুখপাত্ৰ হিচাপে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষ, নেডা (উত্তৰ-পূব গণতান্ত্ৰিক মিত্ৰজোঁট)ৰ আহ্বায়ক, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু সকলো মুখ্য মুখপাত্ৰই বিজেপি বিধায়কসকলক প্ৰশিক্ষণ দিব।”
অসমৰ বিধায়কসকলৰ বাহিৰেও গেৰুৱা দলটোৰ সমগ্ৰ দেশৰ আন বিধায়কসকলে প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ১৪০০ তকৈও অধিক বিধায়কে আৰএমপিত কাৰ্যসূচীত যোগদান কৰিব।

Leave A Reply

Your email address will not be published.