Daily Time Axom

ৰাজস্থানত পথ দুৰ্ঘটনাত ১১জন জীৱন্তে অগ্নিদগ্ধ ৷ ২ লাখ ক্ষতিপুৰণ ঘোষণা প্ৰধানমন্ত্ৰী মোডীৰ ৷

0 5

ৰাজস্থানৰ বৰমাৰত শোকাৱহ পথ দুৰ্ঘটনা৷ যাত্ৰীভৰ্তি এখন বাছত এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষৰ ফলত জুই লাগি এঘাৰজন লোক জীৱন্তে অগ্নিদগ্ধ হয় ৷ আন কেইবাজনো গুৰুতৰভাৱে আহত হয়৷
ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে জিলা উপায়ুক্তক দ্ৰুত উদ্ধাৰ অভিযান চলাবলৈ আৰু আহতসকলৰ চিকিৎসা কৰিবলৈ নিৰ্দেশ দিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনাটোৰ শোকত মৃতকৰ নিকটাত্মীয়লৈ ২ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে৷
বাৰ্মাৰৰ আৰক্ষী অধীক্ষকে জনোৱা মতে বৰমাৰৰ ওচৰৰ পঞ্চপাডাত এখন ট্ৰাকৰ সৈতে এখন যাত্ৰীপূৰ্ণ বাছৰ সংঘৰ্ষ ৷ সংঘৰ্ষৰ পিছতে বাছখনত জুই লাগিছিল৷ কেইবাজনো যাত্ৰী জীৱিত অৱস্থাত জ্বলি গৈছিল আৰু এঘাৰজন লোকৰ মৃত্যু হৈছিল৷ অগ্নি নিৰ্বাপক বাহিনীয়ে শীঘ্ৰে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে৷ ।
শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “বৰমাৰ-যোধপুৰ ঘাইপথত বাছ-ট্ৰাকৰ সংঘৰ্ষত লোকৰ মৃত্যুৰ কথা শুনি দুখ লাগিছে৷ শোকসন্তপ্ত পৰিয়াললৈ মোৰ সমবেদনা৷ আহতসকলৰ আশু আৰোগ্যৰ বাবে মই প্ৰাৰ্থনা জনাইছো৷”

Leave A Reply

Your email address will not be published.