আফগানিস্তানৰ মছজিদত বোমা বিস্ফোৰণ

তালিবান শাসিত আফগানিস্তানত আকৌ বিস্ফোৰণ ৷পূব আফগানিস্তানৰ নানগাৰহাৰ প্ৰদেশৰ স্পিন জিলাৰ এটা মছজিদত বিস্ফোৰণ সংঘটিত হয়, যাৰ ফলত মছজিদৰ ইমামসহ কমেও ১২ জন লোক আহত হয়। জুমা নামাজ আদায়ৰ পিছতে বিস্ফোৰণটো প্ৰায় ১:৩০ বজাত সংঘটিত হৈছিল। তালিবানৰে এটা গোট বিস্ফোৰণত জড়িত বুলি কোৱা হৈছে ।

Comments (0)
Add Comment