মাত্ৰ ৫ দিনৰ ভিতৰত লামডিং ৰিজাৰ্ভ ফৰেষ্টৰ ১৪১০ হেক্টৰ বনভূমিৰ পৰা প্ৰায় ৭৩৬ টা ঘৰ আঁতৰোৱা হৈছে। এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই তেওঁৰ অফিচিয়েল টুইটাৰত উল্লেখ কৰিছে, “গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ৫ দিনত লামডিং ৰিজাৰ্ভ ফৰেষ্টৰ ১৪১০ হেক্টৰ বনভূমিৰ পৰা ৭৩৬ টা ঘৰ আঁতৰোৱা হৈছে বুলি উল্লেখ কৰি লৈ পাই আনন্দিত হৈছো।”