গুৱাহাটী মহানগৰ জিলাত ভোটাৰক সচেতন কৰাৰ বিশেষ পদক্ষেপ প্ৰশাসনৰ
কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা কাৰ্যকৰী কৰি থকা বিশেষ খচৰা তালিকা সংশোধনৰ ব্যৱস্থাপণা ত্বৰাম্বিত কৰাৰ বাবে বিশেষ কিছুমান কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে মহানগৰখনৰ চাৰিটা স্থানত বিশেষভাৱে ঘোষণাৰ জৰিয়তে প্ৰচাৰ চলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ লগতে ভোটাৰসকলৰ জ্ঞাতাৰ্থে চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, ৰেল ষ্টেচন, বাছ আস্থান আদিত পোষ্টাৰ, বেনাৰ ইত্যাদি লগোৱাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগত সঙ্গতি ৰাখি গুৱাহাটী মহানগৰৰ বাণিজ্যিক কেন্দ্ৰ আৰু বজাৰসমূহত বাটৰ নাট প্ৰদৰ্শণেৰে ভোটাৰসকলক আকৃষ্ট কৰিবলৈ ব্যৱস্থা লোৱা হৈছে। ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে শনিবাৰে ১২ বজাত কটন কলেজৰ চুডমাৰচন হলত এ আৰ অ আৰু বি এল অ চুপাৰ ভাইজৰসকলৰ এখন বিশেষ সভা আৰু বাটৰ নাট অনুষ্ঠিত কৰা হয়। ইয়াৰ উপৰি অহা ১৪ নৱেম্বৰ আৰু ১৫ নৱেম্বৰত চেন্ট্ৰেল মল, টিটি চেন্টাৰ মল, গুৱাহাটী চেন্ট্ৰেল মলত পুৱা ১১ বজাত আৰু আবেলি ৪ বজাত প্ৰদৰ্শণ কৰা হ’ব বাটৰ নাট। উল্লেখযোগ্য যে জিলাখনৰ ভোটাৰৰ বিশেষ খচৰা তালিকা www.deokamrupmetro.in ৱেবচাইটৰ উপৰি চক্ৰ বিষয়াৰ কাৰ্যালয়, পঞ্চায়তৰ কাৰ্যালয় আৰু ভোট কেন্দ্ৰসমূহত উপলব্ধ কৰাৰ ব্যৱস্থা কৰা হৈছে।