Daily Time Axom

বলিউডলৈ সুন্দৰী ৰূপহী যুৱতী হৈ উভতি আহিছে একালৰ শিশু অভিনেত্ৰী মালবিকা ৰাজে

0 18

বলিউডৰ এসময়ৰ ছুপাৰ হিট ছবি ‘কভি খুচী কভি গম’ৰ এজনী সৰু ছোৱালীৰ চৰিত্ৰত অভিনয় কৰা মালবিকা ৰাজে এতিয়া ১৩ নৱেম্বৰত মুক্তি লাভ কৰা ছবি ‘স্কোৱাড’ৰ জৰিয়তে বলীউডলৈ উভতি আহিছে নতুন ৰূপত৷ মালবিকা ৰাজ এতিয়া সুন্দৰী ৰূপহী । কৰণ জোহৰৰ ‘কে৩জি’ত কৰীণা কাপুৰে অভিনয় কৰা চৰিত্ৰটো আছিল পু ওৰফে পূজা।

‘স্কোয়াড’ৰ কাহিনীটো এটা শিশুক বচোৱাকলৈ আৰম্ভ হৈছে। বলীউডত শিশু অভিনেত্ৰী হিচাপে তেওঁৰ জনপ্ৰিয়তাই তেওঁক অধিক চলচ্চিত্ৰৰ প্ৰস্তাৱ পোৱাত সহায় কৰিছে নেকি বুলি সাংবাদিকে সোধাত মালবিকাই উত্তৰত কয়, “নহয়, মই ভাবো মই পুনৰ আৰম্ভণিৰ পৰাহে আৰম্ভ কৰিছো, কাৰণ শিশু অভিনেতা হিচাপে মানুহে দেখা সেইটো মোৰ এটা বেলেগ দিশ আছিল। এতিয়া মই ডাঙৰ হ’লো, মই বেলেগ হ’লো দেখাত, মই অভিনয় শিল্পত নতুন দক্ষতাৰ বাবে শিকি আছোঁ ৷ শিকিবলৈ আৰু বহুতো আছে, এইটো মাত্ৰ আৰম্ভণি।”

Leave A Reply

Your email address will not be published.