Daily Time Axom

এতিয়া ডেকা হ’ল ’তাৰে জামিন পৰ’ চিনেমাৰ সৰু ল’ৰা দৰ্শিল চাফাৰী

0 9

’তাৰে জমীন পৰ’ নামৰ এখন হিন্দী ছবিৰ মূল চৰিত্ৰ সৰু ল’ৰাটোৰ কথা মনত আছেনে আপোনাৰ ? সৰু ল’ৰাটোৰ নাম আছিল ঈশান অৱস্তি ৷ তেঁওক নিশ্চয় এতিয়াও সকলোৱে হয়তো পাহৰা নাই । ‘তাৰে জামিন পৰ’ত অভিনয় কৰি এই চৰিত্ৰত শিশু শিল্পী হিচাপে বিশেষ পৰিচিতি লাভ কৰিছিল সেই অভিনেতাজনে ৷
আমিৰ খানৰ সৈতে একেলগে তেওঁ প্ৰথম অভিনয় কৰিছিল। তেওঁৰ প্ৰকৃত নাম দৰ্শিল চাফাৰী। আপুনি এতিয়া তেওঁক দেখিলে চিনি নাপাব । কিয়নো
আঠ বছৰ বয়সৰ সৰু ল’ৰাটো আজি এজন ২৩ বছৰীয়া যুৱক। এতিয়া তেওঁৰ গোটেই ৰূপ সলনি হৈছে। সেয়ে ফটককৈ চিনি পোৱা সম্ভৱ নহয়।

শেহতীয়াকৈ দৰ্শিলৰ কিছুমান ফটো নেটত ভাইৰেল হৈ পৰিছে।
কেইদিনমান আগতে এটা সাক্ষাৎকাৰত তেওঁ নিজেই কৈছিল, ‘মই বহুত সলনি হৈছো। এসময়ত সকলোৱে মোক স্কুলত চিনি পাইছিল আৰু চিনেমাখনৰ বিষয়ে কথা পাতিছিল। মোৰ ভন্তী তেতিয়া বহুত সৰু আছিল, তাই চিনেমাখন চাইছিল আৰু বহুত কান্দিছিল। আৰু মই, সেইটো দেখি বৰ আচৰিত হৈছিলো’। পাছত
দৰ্শিলক সুস্মিতা সেনৰ সৈতে ‘সুতবাজী’ত দেখা গৈছিল। ‘বম বম বোলে’, ‘জোকমন’তো দেখা গৈছিল। কিন্তু তেওঁ কয় যে আন তেওঁৰ কেইটামান গুণ আছে যিবোৰে তেওঁক ডাঙৰ পুনৰ পৰ্দাত জিলিকাই তুলিব।

Leave A Reply

Your email address will not be published.