Daily Time Axom

মণিপুৰৰ নিৰাপত্তাৰক্ষী হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ উগ্ৰপন্থী সংগঠন পি এল এ-ৰ

0 10

মণিপুৰৰ পিপলছ লিবাৰেচন আৰ্মী (পিএলএ) আৰু মণিপুৰ নাগা পিপলছ ফ্ৰণ্ট (এমএনপিএফ) দুয়োট গোটে শনিবাৰে CRPFৰ কৰ্ণেল বিপ্লৱ ত্ৰিপাঠীৰ কনভয়ৰ ওপৰত হোৱা আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।
এই আক্ৰমণত কৰ্ণেল ত্ৰিপাঠী, তেওঁৰ পত্নী-পুত্ৰ আৰু অসম ৰাইফলছৰ আন চাৰিজন জোৱান নিহত হয়। ত্ৰিপাঠী ৪৬ অসম ৰাইফলছৰ এজন কমাণ্ডিং অফিচাৰ আছিল। প্ৰাণ হেৰুওৱা জোৱানসকল ক্ৰমে সুমন স্বৰ্গীয়াৰী, খাতনেই কোনিয়াক, আৰ পি মীনা আৰু শ্যামল দাস বুলি চিনাক্ত কৰা হৈছে। আক্ৰমণটোৰ আঁৰত পিএলএ আছিল বুলি সন্দেহ কৰা হৈছিল।
শনিবাৰে সন্ধিয়া গোটবোৰে প্ৰকাশ কৰা এক যুটীয়া বিবৃতিত তেওঁলোকে কয় যে আক্ৰমণটো আমাৰ লোকসকলক সুৰক্ষা দিবলৈ কৰা হৈছিল আৰু সেনা বিষয়াৰ পত্নী আৰু পুত্ৰ কনভয়ত উপস্থিত থকাৰ বিষয়ে তেওঁলোক অজ্ঞাত আছিল।
বিবৃতিটোত আৰু কয়, “আমি আমাৰ অধিকাৰ আৰু সাৰ্বভৌমত্ব নোপোৱালৈকে নীৰৱে বহি নাথাকো”।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি সকলোৱে এই আক্ৰমণক তীব্ৰ গৰিহণা দিছে।

Leave A Reply

Your email address will not be published.