জোনাইত কংগ্ৰেছৰ মিছিং স্বায়ত্ব পৰিষদ অঞ্চল সমন্বয়ৰক্ষী সমিতিৰ প্রথম সাধাৰণ সভা
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিছিং স্বায়ত্ব পৰিষদ অঞ্চল সমন্বয়ৰক্ষী সমিতিৰ প্রথম সাধাৰণ সভা জোনাই সমষ্টিৰ অন্তৰ্গত কুলাজানত সোমবাৰে অনুষ্ঠিত হয়।
উক্ত সভাত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ লগতে ৰাজ্যসভাৰ সাংসদ ৰাণী নৰহ, আৰু দলৰ জ্যেষ্ঠনেতৃবৃন্দ তথা বিষয়ববীয়াসকল।
সভাত এপিচিচিৰ সভাপতি ভূপেন বৰাই কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে, অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিপৰীতে বিজেপি নেতৃত্বাধীন চৰকাৰৰ এই ক্ষেত্ৰত নিৰ্লিপ্ত ভুমিকাত সাধাৰণ জনতাৰ জীৱন দুৰ্বিঃসহ হৈ পৰিছে । এনে সময়ত কংগ্ৰেছ দলে জনতাৰ পক্ষত থাকি জনতাৰ মাত মাতি আহিছে আৰু ভৱিষ্যতেও জনতাৰ পক্ষত থাকি জনতাৰ সমস্যা সমাধান কৰি যাব।