Daily Time Axom

বাস্কাৰ স্ব-গৃহলৈ নিয়া হৈছে শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ নশ্বৰ দেহ ৷ মন্ত্ৰী কেশৱ মহন্তৰ বৰঝাৰত শ্ৰদ্ধাঞ্জলি ৷

0 78

শনিবাৰে মণিপুৰত উগ্ৰপন্থীৰ হাতত শ্বহীদ হোৱা অসম ৰাইফলছৰ জোৱান সুমন স্বৰ্গীয়াৰীৰ নশ্বৰ দেহ শনিবাৰে পুৱা যোৰহাট বিমান বন্দৰৰ পৰা আনি বৰঝাৰস্থিত বায়ু সেনা ঘাটিত উপস্থিত কৰোৱা হয় ৷ বৰঝাৰত অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী কেশৱ মহন্তই পুৱা ভাগত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ বৰঝাৰৰ পৰা বাক্সাৰ থেকেৰিকুছিৰ স্ব-গৃহলৈ নিয়া হৈছে উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণত নিহত শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ নশ্বৰ দেহ ৷ শনিবাৰে খবৰ পোৱাৰ পিছৰে পৰা বাক্সাৰ থেকেৰাকুছিত শোকৰ ছাঁ পৰিছে ৷ ।
বাক্সাৰ থৈকাৰাকুছিত হ’ব সুমন স্বৰ্গীয়াৰীৰ অন্ত্যেষ্টিক্ৰিয়া। শনিবাৰে পুৱা ১০ বজাত মণিপুৰৰ শ্বেখান-বেহিয়াং আৰক্ষী থানাৰ এলেকাত উগ্ৰপন্থী সংগঠন পি এল এ-সহ তিনিটা সংগঠনৰ ভয়ংকৰ আক্ৰমণত আন ৫জনা লগতে নিহত হৈছিল সুমন স্বৰ্গীয়াৰী। জন্ম গাঁৱত ৰাষ্ট্ৰীয় সন্মানেৰে শ্বহীদ গৰাকীক শেষ বিদায় জনোৱাৰ ব্যৱস্থা কৰা হয় ৷

Leave A Reply

Your email address will not be published.