ৰাজ্যৰ পাঁচশ জনজাতীয় গাঁৱত বীৰচা মুণ্ডাক স্মৰণ বিজেপিৰ

শাসক-বিৰোধী সকলোৱে সোমবাৰে স্মৰণ কৰিলে বীৰ বীৰচা মুণ্ডাক ৷ ভাৰত চৰকাৰৰ সিদ্ধান্ত মৰ্মে সমগ্ৰ দেশৰ লগতে অসমতো বীৰ শ্বহীদ বীৰচা মুণ্ডাৰ জন্ম তিথিৰ লগত সংগতি ৰাখি “জনজাতীয় গৌৰৱ দিবস” পালন কৰে ৰাজ্যিক বিজেপিয়েও । দলটোৰ ফালৰ পৰা অসমৰ ৪০ খন সাংগঠনিক জিলা, সকলো মণ্ডল আৰু পাঁচশতকৈও অধিক জনজাতীয় গাঁৱত “জনজাতীয় গৌৰৱ দিৱস” উদযাপন কৰা হয়। বিজেপিৰ গুৱাহাটীৰ ৰাজ্যিক কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনতো বীৰচা মুণ্ডা স্মৰণ কাৰ্যসূচী পালন কৰা হয় ।

Comments (0)
Add Comment