অষ্ট্ৰেলিয়াৰ শিৰত টি-২০ বিশ্ব চেম্পিয়নশ্বীপৰ বিজয় মুকুট।
অষ্ট্ৰেলিয়াই নিউজিলেণ্ডক টি-২০ বিশ্বকাপৰ ফাইনেলত ৮ উইকেটত জয় লাভ কৰে।
বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াই প্ৰায় ১২ কোটি টকা লাভ কৰিছে এই জয়ৰ বাবে। চূড়ান্ত খেলত পৰাজয় হোৱা নিউজিলেণ্ড দলক ৬ কোটি টকা পুৰস্কাৰ প্ৰদান কৰিছে । উল্লেখ্য যে, টি-২০ বিশ্ব চেম্পিয়নৰ পুৰস্কাৰ আই পি এলতকৈ কম।
তদুপৰি ছেমি ফাইনেলত পৰাজিত ইংলেণ্ড আৰু পাকিস্তানে ৩ কোটি টকাকৈ পুৰস্কাৰ লাভ কৰিছে।ফাইনেলত পৰাজিত হোৱা কলকাতা নাইট ৰাইডাৰ্ছে ১২.৫ কোটি টকা লাভ কৰে, যি টি-২০ বিশ্বকাপ বিজয়ীৰ পুৰষ্কাৰতকৈ অধিক।