Daily Time Axom

পৃথিৱীৰ অন্তিমটো পথটোৰ কথা জানেনে ? অকলে প্ৰৱেশ নিষিদ্ধ এই পথত ।

0 11

আপুনি হয়তো নাজানে পৃথিৱীৰ অন্তিম পথ কোনটো! সকলো ৰাস্তাৰ শেষ ক’ত ! উত্তৰটো কি হ’ব ভাৱকচোন ? কিয়নো পৃথিৱীত এনে বহু ৰাস্তা আছে দুৰ্গম ঠাইত শেষ হৈ যায় ৷

এতিয়া কওঁ, নৰৱেৰ ই-69 হৈছে পৃথিৱীৰ অন্তিম পথ। তাৰ পিছত আৰু আন কোনো পথ নাই। এই পথটো কেৱল বৰফ আৰু সাগৰে আবৃত। অৰ্থাৎ এই পথটোৰ পিছত আপুনি আৰু ৰাস্তাৰে যাব নোৱাৰিব।
এই ১৪ কিলোমিটাৰ দীঘল ৰাস্তাৰ বেছিভাগেই বৰফৰ চাদৰে আবৃত। ফলস্বৰূপে, চাৰিওফালৰ পৰিৱেশ একেই দেখা যায় আৰু ৰাস্তাটো হেৰুওৱাৰ সম্ভাৱনা বেছি হৈ পৰে। সেইকাৰণে কাকো এই ৰাস্তাত অকলে যাবলৈ অনুমতি দিয়া নহয়।
কেতিয়াবা সেই ঠাইত তাপমাত্ৰা মাইনাছ ৪৩ ডিগ্ৰীলৈও হ্ৰাস পায়। গ্ৰীষ্মকালত তাপমাত্ৰা প্ৰায় শূন্য ডিগ্ৰীত থাকে। এই পথটোকে কোৱা হয় পৃথিৱীৰ অন্তিমটো পথ ৷

Leave A Reply

Your email address will not be published.