অসম আৰু মেঘালয়ৰ সীমা সমস্যার স্থায়ী সমাধান সূত্ৰ উলিওৱা কাৰ্যপন্থাৰ অংশ হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই মঙলবাৰে কামৰূপ জিলাৰ ল’ৱাৰ লাংপি অঞ্চলত উপস্থিত হয় ৷ ৰাইজৰ সৈতে এক আলোচনাত মিলিত হোৱাৰ উপৰিও এখন ৰাজহুৱা সভাত ভাগ লয় দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰী ড° শৰ্মাই সভাত কয় যে, বৰ্তমানৰ অসম চৰকাৰ আৰু মেঘালয় চৰকাৰে মিলিত প্রচেষ্টাৰে বিগত ৬ মাহ ধৰি দুয়োখন ৰাজ্যৰ মাজত থকা সীমা বিবাদৰ স্থায়ী আৰু গ্রহণযোগ্য সমাধান সূত্র উলিওৱাৰ বাবে নিৰন্তৰ প্রয়াস চলাই আছে। দুয়োখন ৰাজ্যৰ মাজত থকা ১২ টা বিবদমান অঞ্চলৰ প্ৰাৰম্ভিক পর্যায়ত ৬ টা কম জটিল বিবদমান অঞ্চলৰ সমাধান সূত্ৰ উলিওৱাৰ বাবে দুয়োখন ৰাজ্যৰ মন্ত্ৰী পৰ্যায়ৰ আঞ্চলিক সমিতিসমূহে ইতিমধ্যে বিভিন্ন অঞ্চল ভ্ৰমণ কৰি তেওঁলোকৰ প্রতিবেদন প্রস্তুত কৰিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীজনে ৷
অনুষ্ঠানত ভাষণ প্রদান কৰি মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই লাম্পি অঞ্চলত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ শুভেচ্ছামূলক ভ্রমণৰ উদ্যোগ লোৱা বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে ৷