নাৰায়ণপুৰ বৰখামতি বুদ্ধ বিহাৰলৈ বৌদ্ধ মূৰ্তি দান কৰে এটা পৰিয়ালে

অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী খামতি সম্প্ৰদায়ৰ বসতি স্থল নাৰায়ণপুৰ বৰখামতি গাঁৱত থকা বৌদ্ধ বিহাৰলৈ গাঁৱৰে এটি পৰিয়ালে এটি বুদ্ধদেৱৰ মূৰ্তি দান কৰে । পৈ লো ফ্ৰা বুলি জনাজাত এই মূৰ্তি দান উদ্দেশ্যে বৰখামতি গাঁৱৰে দেৱজ্যোতি বৰগোঁহাই ,ৰাতানা নামচ’ম , কেনচাং নামচ’ম আৰু খাম নামচু’মে থাইলেণ্ডত শিলেৰে নিৰ্মিত ভগবান বুদ্ধদেৱৰ মূৰ্তি এটা মঙলবাৰে সম্পূৰ্ণ বৌদ্ধ ধৰ্মীয় নীতি-নিয়মৰে দান কৰে । এই উদ্দেশ্যে গাওঁ খনত এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হোৱাৰ লগতে গাঁৱৰ প্ৰতিঘৰ পৰিয়ালৰ পৰাও আৰ্শীবাদ বিচাৰি বৌদ্ধ বিহাৰত থকা ভান্তে সকলক অৰ্পণ কৰে । উল্লেখযোগ্য যে আজিলৈকে কোনো খং-ৰাগ আৰু থানাত গোচৰ ৰুজু নোহোৱা গাওঁখনৰ লোক সকলে সাধ্য অনুসৰি এনে মুৰ্তি দান কৰি ভগৱান বুদ্ধৰ পৰা নিৰ্বাণ মুক্তি কামনা কৰে ।

Comments (0)
Add Comment