অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি সম্পৰ্কত ‘টাস্ক ফৰ্চ’ গঠনৰ ঘোষণা যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ বাবে গুৱাহাটী মহানগৰীত এটি ‘টাস্ক ফৰ্চ’ গঠন কৰিব অসম চৰকাৰে ৷ কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সঞ্চালনাত এখন সভা অনুষ্ঠিত হয়। খাদ্য সামগ্ৰী আৰু শাক-পাচলিৰ পাইকাৰী আৰু খুচুৰা বিক্ৰেতা তথা চেম্বাৰ্চ অৱ কমাৰ্চৰ প্ৰতিনিধি-বৰ্গ উপস্থিত থকা এই সভাত অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্য বৃদ্ধিৰ ওপৰত পৰ্যালোচনা কৰা হয়। সভাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সম্পৰ্কত বিভিন্ন বিভাগৰ বিষয়াক লগত লৈ গুৱাহাটী মহানগৰীত এটি ‘টাস্ক ফৰ্চ’ গঠন কৰাৰ কথা ঘোষণা কৰে। দণ্ডাধীশ, আৰক্ষী বিষয়া, কৃষি বিপণন পৰিষদৰ বিষয়া, গুৱাহাটী পৌৰ নিগমৰ বিষয়া আৰু পশু চিকিৎসা বিষয়াক লগত লৈ এই দলটো গঠন কৰা হ’ব। এই দলটিয়ে গুৱাহাটী মহানগৰৰ বিভিন্ন বজাৰত দৈনিক গৈ মূল্য বৃদ্ধিৰ বিষয়টো তদাৰক কৰিব বুলি মন্তব্য যোগান মন্ত্ৰী গৰাকীৰ ৷