Daily Time Axom

কংগনা “দেশৰ গদ্দাৰ দিদি“… কুকুৰ দৰে ভুকিছে কংগনাই ৷ ৰাখী সাৱন্তৰ কংগনাক কঠোৰ সমালোচনা ৷

0 11

বলীউড অভিনেত্ৰী কংগনা ৰানাৱটে পদ্মশ্ৰী লাভ কৰাৰ পিছত, ‘দেশৰ প্ৰকৃত স্বাধীনতা ২০১৪ চনতহে অহা’ বুলি কোৱা মন্তব্যৰ বাবে সমগ্ৰ দেশতে বিতৰ্কৰ অব্যাহত আছে । বৃহৎ সংখ্যক মানুহে এতিয়া কংগনাৰ বিৰুদ্ধে মাত মাতিছে। আনকি অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলেও মন্তব্য দি তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

এইবাৰ ৰাখী সাৱন্তে তাইৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে আৰু তেওঁ ছচিয়েল মিডিয়াত কংগনাক ‘গদ্দাৰ’ বুলি উল্লেখ কৰিছে। 

তাই কংগনাৰ সাক্ষাৎকাৰৰ এটা ভিডিঅ’ নিজৰ ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল। কিন্তু ভিডিঅ’টোত কুকুৰৰ মাত সম্পাদনা কৰি কংগনাৰ কণ্ঠৰ ঠাইত সংযোগ কৰিছিল। আৰু শিৰোনামটোত, ৰাখী সাৱান্তে লিখিছে, ‘দেশৰ গদ্দাৰ দিদি’। ৰাখীৰ এই পোষ্টটো বৰ্তমান ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে।

Leave A Reply

Your email address will not be published.