কালাৰ্চ টিভিৰ ৰিয়েলিটি শ্ব’ত বৰ্ণবৈষম্যবাদ ৷ অসমীয়াক অপমান এংকৰৰ ৷ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া ৷
ৰাষ্ট্ৰীয় পৰ্যায়ৰ টিভি চেনেলৰ ৰিয়েলিটি শ্ব’ত উত্তৰ-পূৱৰ প্ৰতিযোগীক বৰ্ণবাদী আচৰণ এংকৰৰ ৷ কালাৰ্চ টিভিত সম্প্ৰচাৰিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ ডান্স দিৱানেত অসমীয়াক অপমান কৰিছে এংকৰজনে ৷ এংকৰজনৰ নাম ৰাঘৱ জুয়াল ৷ ৰিয়েলিটি শ্ব’ ডান্স দিৱানে চিজন ৩ ৰ এটা তাৰিখবিহীন ক্লিপ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে য’ত এজন প্ৰতিযোগীক বিতৰ্কিত মন্তব্যৰে সৈতে ৰাঘৱে পৰিচয় কৰাই দিয়া দেখা গৈছে। অসমৰ গুঞ্জন নামৰ প্ৰতিযোগীজনক চাইনীজ বুলি কোৱাৰ লগতে বাৰে বাৰে বৰ্ণবাদী মন্তব্য কৰা দেখা গৈছে এংকৰজনক ৷ এংকৰজনক সমৰ্থন কৰি হাতচাপৰি মাৰিছে মাধুৰী দীক্ষিত আৰু নৃত্য পৰিচালক ৰেমো ফাৰ্ণাণ্ডেজে ৷ এংকৰ ৰাঘৱৰ এনে মন্তব্যক লৈ বৃহৎ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি বহুতে এংকৰ ৰাঘৱ জুয়ালৰ প্ৰদৰ্শনক বৰ্ণবাদী বুলি অভিহিত কৰিছে।
টুইটাৰৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বৰ্ণবাদী বিষয়ত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সমালোচনা কৰিছে। মুখ্যমন্ত্ৰীজনে নিজৰ টুইটাৰত লিখিছে,”এইটো মোৰ দৃষ্টিগোচৰ হৈছে যে এজন জনপ্ৰিয় ৰিয়েলিটি শ্ব’ হোষ্টে গুৱাহাটীৰ এগৰাকী যুৱ অংশগ্ৰহণকাৰীৰ বিৰুদ্ধে বৰ্ণবাদী ভাষ্য ব্যৱহাৰ কৰিছে।
এইটো লজ্জাজনক আৰু সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয়।আমাৰ দেশত বৰ্ণবাদৰ কোনো স্থান নাই আৰু আমি সকলোৱে ইয়াক দ্ব্যর্থহীনভাৱে ক্ষতিপূৰণ কৰা উচিত।”
ৰাষ্ট্ৰীয় পৰ্যায়তো সমালোচিত হৈছে কালাৰ্চ টিভি আৰু এংকৰ ৰাঘৱ ৷ অৱশ্যে এংকৰ ৰাঘৱে এই প্ৰসংগত মুখ খুলিছে যদিও সেয়া দায় সৰা বুলি মন্তব্য কৰিছে বিভিন্নজনে ৷
