World Miss Queen প্ৰতিযোগিতালৈ অসমৰ জীয়ৰী
ডিব্ৰুগড়ৰ যোগেশ কাৰৱা আৰু প্ৰীতি কাৰৱাৰ জীয়ৰী গীতিকা কাৰৱাই Miss Queen of the World India হিচাপে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ।
শেহতীয়াকৈ মুম্বাইত ইউনাইটেড ফাৰ্মাৰ্ছ ফাইনেন্সৰ দ্বাৰা পৰিচালিত সৌন্দৰ্য প্ৰতিযোগিতা কুইন অফ দ্য ৱৰ্ল্ড ইণ্ডিয়াত তেওঁক মিছ কুইন হিচাপে মুকুট পিন্ধোৱা হৈছিল।
তেওঁ World Miss Queen বাবে মাৰ্চত নিউ জাৰ্চি আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত ভাৰতক প্ৰতিনিধিত্ব কৰিব।