এটা ষাঁড়ৰ দাম ১ কোটি টকা, আৰু দেখি চকু কপালত উঠিব । কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুৰ কৃষি মেলাত এতিয়া এই ষাঁড়টোক চাবলৈ মানুহে ভিৰ কৰিছে। সাধাৰণতে ষাঁড়ৰ মূল্য ১ৰ পৰা ২ লাখ টকা কিন্তু এই ষাঁড়টোৰ মূল্য ইমান কিয়? দৰাচলতে, কৃষ্ণ নামৰ এই ষাঁড়টো এটা বিশেষ প্ৰজাতিৰ।
ষাঁড়ৰ স্বত্বাধিকাৰী বৰৰেগৌড়াই কয় যে ই এক অতি বিৰল প্ৰজাতিৰ ষাঁড়, যাক হলিকা বুলি কোৱা হয়। যিটো বৰ্তমান ভাৰতৰ পৰা সম্পূৰ্ণৰূপে বিলুপ্ত হ’বলৈ গৈ আছে। সেইকাৰণে চাৰে তিনি বছৰীয়া ষাঁড় কৃষ্ণক চাবলৈ মানুহ উপচি পৰিছে। বৰৰেগৌৰাই লগতে কয় যে এই বিৰল প্ৰজাতিৰ ষাঁড়ক দক্ষিণ ভাৰতৰ সকলো গো প্ৰজাতিৰ মুখ্য উৎস বুলি গণ্য কৰা হয়।
ষাঁড়টোৰ গৰাকীজনৰ মতে সঠিক যত্ন ল’লে ই পৰৱৰ্তী ২০ বছৰৰ বাবে জীয়াই থাকিব। ষাঁড়টোৰ বয়স বৰ্তমান মাত্ৰ চাৰে তিনি বছৰ। হল্লিকা প্ৰজাতিৰ ষাঁড়টোৰ বহুতো বৈশিষ্ট্য আছে। ইয়াৰ ওজন ৮০০ ৰ পৰা ১০০০ কিলোগ্ৰাম। ইয়াৰ দৈৰ্ঘ্য চাৰে ছয়ৰ পৰা আঠ ফুটলৈকে হয়।
কেৱল সেয়ে নহয়, ষাঁড়টিৰ প্ৰজাতি ক্ৰমাৎ বিলুপ্তি হৈ অহাৰ কাৰণে ইয়াৰ শুক্ৰাণুৰ দামো গো প্ৰজননৰ বজাৰত বৃদ্ধি পাইছে। বৰ্তমান এই ষাঁড়টোৰ প্ৰতি ডোজ শুক্ৰাণুত ১০০০ টকাত বিক্ৰী হয় ৷ এই প্ৰজাতিবিধ যাতে হেৰাই নাযায় তাৰ বাবে ষাঁড়টোৰ শুক্ৰাণুৰে হোল্লিকা শুক্ৰাণু বেংকো প্ৰতিষ্ঠা কৰা হৈছে ৷