মাইক্ৰ’ ফাইনেন্সৰ হিতাধিকাৰীলৈ শীঘ্ৰেই চৰকাৰৰ অনুদান ৷ জিলা উপায়ুক্তৰে মন্ত্ৰী অজন্তা নেওগৰ বৈঠক ৷

বৃত্তমন্ত্ৰী অজন্তা নেওগে বুধবাৰে ভিডিঅ’ কণফাৰেন্সযোগে “অসম মাইক্ৰ’ ফাইনেন্স ইনচেণ্টিভ এণ্ড ৰিলিফ স্কীম (AMFIRS), ২০২১” সন্দৰ্ভত চৰাইদেউ, শিৱসাগৰ, যোৰহাট, মাজুলী, গোলাঘাট, শোণিতপুৰ, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও আৰু দক্ষিণ শালমাৰাৰ জিলা উপায়ুক্তসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। যোৱা ৪ নৱেম্বৰত অনুষ্ঠিত কেবিনেটৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি উপৰোক্ত নখন জিলাৰ প্ৰথম শ্ৰেণীৰ হিতাধিকাৰীসকলক ইনচেনটিভ প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। এই সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ আৰু প্ৰস্তুতি সম্পৰ্কে বৈঠকত আলোচনা কৰে বুলি জানিব পৰা গৈছে ।

Comments (0)
Add Comment