দক্ষিণ ভাৰতত অব্যাহত ধুমুহা বৰষুণৰ তাণ্ডৱ ৷ এতিয়াও বিপৰ্যস্ত জনজীৱন ৷
দক্ষিণ ভাৰতৰ কেইবাখনো ৰাজ্যত বৰষুণ আৰু ধুমুহাৰ প্ৰভাৱ অব্যাহত আছে ৷ বৃহস্পতিবাৰেও (১৮ নৱেম্বৰ) ধাৰাসাৰৰ পৰা অতি ধাৰাসাৰ বৰষুণে দক্ষিণ ভাৰতৰ কেইবাটাও অঞ্চল বুৰাই পেলাব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) পূৰ্বানুমান কৰিছে। বংগোপসাগৰ আৰু আৰৱ সাগৰত দুটা নিম্ন চাপৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে ।
পৰৱৰ্তী ৫ দিনত উপকূলীয় আৰু দক্ষিণ কৰ্ণাটক , তামিলনাডু , পুডুচেৰী, কাৰাইকাল আৰু উপকূলীয় অন্ধ্ৰ প্ৰদেশৰ স্থানত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে।
সপ্তাহৰ বাকী কেইটা দিনৰ বাবে বংগোপসাগৰ আৰু আৰৱ সাগৰত প্ৰতি ঘণ্টাত ৪০ ৰ পৰা ৫০ কিলোমিটাৰ বতাহৰ গতিৰ আগজাননী দিয়া হৈছে । ধুমুহা বতাহ প্ৰতি ঘণ্টাত ৬০ কিলোমিটাৰ ওপৰত হ’ব পাৰে। মাছমৰীয়াসকলক ইতিমধ্যে সাগৰলৈ নাযাবলৈ পৰামৰ্শ দিয়া দিছে প্ৰশাসনে।