Daily Time Axom

শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ ঘৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ শ্বহীদৰ পৰিয়াললৈ ৫০ লাখ টকা, নিৰ্মাণ কৰিব গ্ৰাম্য ষ্টেডিয়াম ৷

0 5

যোৱা ১৩ নৱেম্বৰত মণিপুৰত উগ্ৰপন্থীৰ আক্ৰমণত প্ৰাণ ত্যাগ কৰা বীৰ শ্বহীদ অসম ৰাইফলছৰ জোৱান সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত বৃহস্পতিবাৰে পুৱাবেলা উপস্থিত হয় মখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ বীৰ শ্বহীদজনৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

শ্বহীদৰ মহান ত্যাগক সন্মান জনাই সকলো সময়তে সহযোগিতাৰ প্ৰতিশ্ৰুতিৰে সুমন শ্বৰ্গীয়াৰীৰ পৰিয়াললৈ ৫০ লাখ টকাৰ আৰ্থিক সাহয্য আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

স্থানীয় লোকৰ অনুৰোধৰ প্ৰতি সন্মান জনাই থেকেৰাকুছি কাঁহিবাৰী গাঁৱৰ পথছোৱা শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ নামত উৎসৰ্গা কৰা হ’ব বুলি তেঁও উল্লেখ কৰে। লগতে শ্বহীদগৰাকীয়ে অধ্যয়ন কৰা হিৰিম্বা বড়ো উচ্চ বিদ্যালয়ত এখন গ্ৰাম্য ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.