অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ৮ ছেপ্টেম্বৰত সংঘটিত শোকাৱহ মাজুলীৰ নাও দুৰ্ঘটনাত পীড়িতসকলক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰা সাহসী লোকসকলক সাক্ষাৎ কৰে।
মুখ্যমন্ত্ৰী শৰ্মাই মাজুলীৰ এনে ৫০ জন সাহসীক ২৫,০০০ টকাৰ চেক প্ৰদান কৰে।
টুইটাৰযোগে মুখ্যমন্ত্ৰী শৰ্মাই লিখিছে, “৮ ছেপ্টেম্বৰত সংঘটিত শোকাৱহ মাজুলীৰ নাও দুৰ্ঘটনাত নিস্বাৰ্থভাৱে পীড়িতসকলক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰা সকলৰ সাহসিকতাক মই অভিবাদন জনাইছো। কৃতজ্ঞতা স্বৰূপে মাজুলীত এনে ৫০ জন সাহসী প্ৰতিজনক ২৫,০০০ টকাৰ চেক প্ৰদান কৰো। তেওঁলোকৰ কাৰ্য্যই আনক মানৱতাৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰি থাকিব।”