আজি মাজুলীত ৰাস চাব মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ৷ নিশা কটাব জকাইবোৱাৰ চাংঘৰত ৷
ৰাসোৎসৱ উপলক্ষ্যে উদুলি-মুদুলি হৈ পৰা জাতি-জনগোষ্ঠীৰ মিলনভুমি সত্ৰ নগৰী মাজুলীত শৰতৰ পূৰ্ণিমাৰ ৰাতি কটাব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ এই উপলক্ষে বৃহস্পতিবাৰে পুৱাবেলা মাজুলীত গৈ উপস্থিত হয় মুখ্যমন্ত্ৰী গৰাকী ৷ আজি মাজুলীৰ ৰাস লীলা উপভোগ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাতি এঘৰ মিচিং। জনগোষ্ঠীৰ লোকৰ চাংঘৰত নিশা থাকিব মুখ্যমন্ত্ৰী গৰাকীয়ে ।
বৰলুইতৰ পাৰৰ এটি মিচিং জনগোষ্ঠীৰ পৰিয়ালৰ প্ৰণৱ পায়েং নামৰ এজন ব্যক্তিৰ ঘৰত আজি নিশা থাকিব হিমন্ত বিশ্ব শৰ্মাই। তেনেই সাধাৰণ অৱস্থাৰ পায়েঙৰ চাংঘৰৰ বাঁহৰ বিচনাত থাকি থলুৱা পৰম্পৰাগত খাদ্যৰ সোৱাদ ল’ব মুখ্যমন্ত্ৰী গৰাকীয়ে। ইয়াকে জকাইবোৱা গাৱঁত দেখা গৈছে ব্যাপক উছিাহ ৷