অবৈধ মজুতকাৰীৰ বিৰুদ্ধে ডিব্ৰুগড়ত যোগান বিভাগৰ অভিযান
খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ ডিব্ৰুগড়ত অভিযান ৷ অলপতে, ডিব্ৰুগড়ৰ আশীৰ্বাদ এন্টাৰপ্ৰাইজত অভিযান চলালে যোগান বিভাগে ৷ স্বত্বাধিকাৰী ধন প্ৰসাদ চাহুৱে নথি-পত্ৰ নোহোৱাকৈ অবৈধ ভাৱে খাদ্য সামগ্ৰী জমা ৰখা খবৰৰ পম খেদি পৰিদৰ্শক অমিত কুমাৰ বৰুৱা আৰু উপ পৰিদৰ্শক ভৱেন কুমাৰৰ নেতৃত্বত এটি দলে সেই স্থানত উপস্থিত হৈ অভিযান চলায়। বিভাগীয় বিষয়াসকলৰ এই অভিযানত অবৈধ ভাৱে জমা ৰখা ৭০ কুইন্টল নিমখৰ লগতে অধিক পৰিমাণত জমা ৰখা আলু, পিঁয়াজ আৰু গুৰ উদ্ধাৰ কৰে ।