গুৰু নানক জয়ন্তীক শিখ ধৰ্মৰ এটা ডাঙৰ উৎসৱ বুলি গণ্য কৰা হয়। গুৰু নানকজী শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম শিখ গুৰু আছিল। হিন্দু বৰ্ষপঞ্জী অনুসৰি কাৰ্তিক পূৰ্ণিমাৰ দিনা সমগ্ৰ বিশ্বতে তেওঁৰ জন্ম জয়ন্তী উদযাপন কৰা হয়। তেওঁৰ ৫৫২ তম জন্ম জয়ন্তী আজি উদযাপন কৰা হৈছে।
ইয়াক প্ৰকাশৰ উৎসৱ বা গুৰু পৰব বুলিও জনা যায়। গুৰু নানক দেৱজীৰ জন্ম ১৪৬৯ চনত লাহোৰৰ ওচৰৰ ৰায় ভোইৰ তালৱান্দি (বৰ্তমানৰ নানকানা চাহিব)ত হৈছিল। গুৰু নানক জয়ন্তী উৎসৱ পূৰ্ণিমা দিৱসৰ দুদিন আগতে আৰম্ভ হয় য’ত অখণ্ড কীৰ্তনৰ দৰে ৰীতি-নীতি অন্তৰ্ভুক্ত থাকে।
DailyTimeAxomৰ তৰফৰ পৰা আমিও দেশ তথা অসমবাসীকএই উপলক্ষে জনালো আন্তৰিক শুভেচ্ছা।